স্বাধীনতা দিৱস উদযাপনৰ বাবে সাজু দেশ, গোৱালপাৰাৰ এগৰাকী ছহিদ অৱহেলিত হোৱাৰ অভিযোগ…

স্বাধীনতা দিৱস উদযাপনৰ বাবে সাজু দেশ, গোৱালপাৰাৰ এগৰাকী ছহিদ অৱহেলিত হোৱাৰ অভিযোগ…

author-image
asomiyapratidin
New Update
স্বাধীনতা দিৱস উদযাপনৰ বাবে সাজু দেশ, গোৱালপাৰাৰ এগৰাকী ছহিদ অৱহেলিত হোৱাৰ অভিযোগ…

ডিজিটেল সংবাদ, গোৱালপাৰাঃ সমগ্ৰ দেশজুৰি ৭৩ সংখ্যক স্বাধীনতা দিৱস উদ্‌যাপন কৰিবলৈ সাজু হৈছে। ভাৰতবৰ্ষই হেজাৰ হেজাৰ ছহিদৰ তেজৰ বিনিময়ত ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা লাভ কৰিছিল। দেশৰ স্বাধীনতাই ৭৩টা বছৰ অতিক্ৰম কৰাৰ পিছতো একাংশ ছহিদক আজিও দেশখনে সঠিক সন্মান দিয়াত ব্যৰ্থ হৈছে।এক কথাত কবলৈ গ'লে মহান ছহিদসকলকলৈও বৈষম্য কৰা পৰিলক্ষিত হয়। তাৰে এক উদাহৰণ হ'ল ছহিদ নিধানুৰাম ৰাজবংশী।

Advertisment

১৯৪২ চনৰ ৫ নৱেম্বৰৰ ঘটনা। গোৱালপাৰা জিলাৰ বলবলাৰ কোকিৰা-কালপানী গাঁৱৰ মাত্ৰ ২৮ টা বসন্ত অতিক্ৰম কৰা এজন চফল ডেকা নিধানুৰাম ৰাজবংশীয়ে ব্ৰিটিছে অন্যায়ভাৱে আৰোপ কৰা পাইকাৰী জৰিমনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰি ব্ৰিটিছ সেনাৰ গুলীত আৰু বেয়নেটৰ খোঁচা বুকুত লৈ দেশবাসীক দেখুৱাই গৈছিল বীৰত্বৰ অপূৰ্ণ চানেকী। এইগৰাকীয়েই হ'ল অবিভক্ত গোৱালপাৰা জিলাৰ স্বাধীনতা যুদ্ধৰ একমাত্ৰ ছহিদ।

ছহিদ নিধানুৰ মৃত্যুৰ ঘটনাই পাইকাৰী জৰিমনাৰ বিৰুদ্ধে বিক্ষোভ তীব্ৰতৰ হৈ উঠিছিল। ফলত ব্ৰিটিছ চৰকাৰে পাইকাৰী জৰিমনা বন্ধ কৰিবলৈ বাধ্য হৈছিল। এই মহান ছহিদগৰাকীৰ গৌৰৱ গাথাঁ আজিও স্বাধীনতাৰ ইতিহাসত সঠিকভাৱে আলোকপাত কৰা হোৱা নাই। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা আজি ৭৩ বছৰ পিছতো ছহিদগৰাকীৰ স্মৃতিত কোনো এটা সৌধ গঢ়া নহ'ল।

চৰকাৰখনে ১৯৬৬ চনত ছহিদ পৰিয়ালৰ হাতত কেৱল তাম্ৰপত্ৰ প্ৰদান কৰিয়েই দায়িত্ব সামৰিলে। কালপানী গাঁৱত থকা ছহিদ স্তম্ভটো ভাৰতৰ স্বাধীনতাৰ সোণালী জয়ন্তীবৰ্ষত প্ৰাক্তন বিধায়ক প্ৰয়াত মহম্মদ আলীৰ একমাত্ৰ প্ৰচেষ্টাৰ ফলতহে নিৰ্মাণ হৈছিল। আটাইতকৈ পৰিতাপৰ কথা হ'ল যে- বলবলাৰ পৰা হাতীগাঁৱলৈ যোৱা গড়কাপ্তানি পথছোৱা ইতিপূৰ্বে ছহিদগৰাকীৰ নামত উচৰ্গা কৰাৰ পিছতো আজিলৈ চৰকাৰীভাৱে এই নাম গৃহীত নহ'ল। ফলত জিলাবাসীয়ে নিধানুৰাম গোৱালপাৰা জিলাৰ ছহিদ হোৱাৰ বাবেই অবহেলিত হৈ আহিছে বুলি ভাবিবলৈ বাধ্য হৈছে।

ইফালে বহু বছৰে জিলাবাসীয়ে ছহিদগৰাকীৰ এটা আৱক্ষ মূৰ্তি স্থাপন কৰা, ছহিদগৰাকীৰ নামত এখন উদ্যান স্থাপন কৰা, গোৱালপাৰা চহৰত অৱস্থিত গান্ধী ময়দানৰ উদ্যানখনত ছহিদগৰাকীৰ সৎকাৰ কৰা ঠাই হিচাপে এখন ফলক দিয়াৰ লগতে ৰাজ্য চৰকাৰখনক ছহিদগৰাকীৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই আহিছে যদিও কোনো এখন চৰকাৰে এই ব্যৱস্থা গ্ৰহন কৰা পৰিলক্ষিত হোৱা নাই।