গোৱালপাৰাত একেদিনাই ১১০জন কোভিড পজিটিভ, জিলাখনত আক্ৰান্তৰ সংখ্যা ৭৯৮ জনলৈ বৃদ্ধি

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, গোৱালপাৰা: গোৱালপাৰা জিলাত দ্ৰুত গতিত বাঢ়িবলৈ লৈছে কোৰোনা ভাইৰাছৰ সামাজিক সংক্ৰমণ। জিলাখনত কোৰোনা ভাইৰাছৰ পৰীক্ষা যিমানে বৃদ্ধি হৈছে সিমানে এই ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বুধবাৰে একেদিনাই কোৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা চেঞ্চুৰী পাৰ কৰিছে।

বুধবাৰে সন্ধিয়া ৮.৩০ বজাত জিলা তথ্য আৰু জনসংযোগ বিভাগে সদৰি কৰা তথ্য মতে, বুধবাৰে জিলাখনত ১১০ জন লোকৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। বুধবাৰলৈকে জিলাখনত কোৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ৭৯৮ লৈ বৃদ্ধি হৈছে। ইয়াৰে ৪৯৯ জন ৰোগী কোৰোনা মুক্ত হোৱাৰ বিপৰীতে ২৯৯ জন কোৰোনা ৰোগী চিকিৎসাধীন হৈ আছে।

বৰ্তমানলৈকে গোৱালপাৰা জিলাত কোনো এজন কোৰোনা ৰোগীৰ প্ৰাণ হানি হোৱা নাই। কিন্তু কোৰোনা ৰোগীৰ সংখ্যা তীব্ৰ গতিত বৃদ্ধি হোৱাত জিলা প্ৰশাসন আৰু সচেতন ৰাইজ উদ্বিগ্ন হৈ পৰা পৰিলক্ষিত হৈছে।

বুধবাৰে ধৰা পৰা কোৰোনা আক্ৰান্তসকল ক্ৰমে: এন এইচ এম কাৰ্যালয়ৰ এজন কৰ্মচাৰী,জিলা মেলেৰিয়া কাৰ্যালয়ৰ এজন কৰ্মচাৰী, টিপলাই এম পি এইচ চিৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এজন, স্বাস্থ্য কৰ্মী(এ এন এম)এজনী,অসামৰিক চিকিৎসালয়ত গৰ্ভৱতী মহিলা দুজনী,আন্ত:জিলা ভ্ৰমণকাৰী ৬জন আৰু জিলাখনৰ বিভিন্ন শ্বাব পৰীক্ষা কেন্দ্ৰত পৰীক্ষা কৰা ৯৮ জন পুৰুষ-মহিলা কোৰোনাত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগে নিশ্চিত কৰিছে। এই ভাইৰাছত আক্ৰান্ত হোৱা সকলক চিকিৎসাৰ বাবে চিকিৎসালত ভৰ্তি কৰিছে জিলা স্বাস্থ্য বিভাগে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in