নিজকে প্ৰাঞ্জল বৰা বুলি পৰিচয় দি প্ৰেম কৰি মেহবুব আলমে গুৱাহাটীৰ পৰা পলুৱাই আনিলে তিনিচুকীয়াৰ যুৱতীক

নিজকে প্ৰাঞ্জল বৰা বুলি পৰিচয় দি প্ৰেম কৰি মেহবুব আলমে গুৱাহাটীৰ পৰা পলুৱাই আনিলে তিনিচুকীয়াৰ যুৱতীক

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত টেঙাবাৰীৰ মেহবুব আলম নামৰ এজন যুৱকে নিজকে প্ৰাঞ্জল বৰা বুলি যুৱতীৰ আগত চিনাকী দি তিনিচুকীয়াৰ এজনী যুৱতীৰ সৈতে দীৰ্ঘদিন প্ৰেমৰ অভিনয় কৰি যুৱতী গৰাকীক গুৱাহাটীলৈ মাটি আনি গোৱালপাৰালৈ পলুৱাই অনা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাঞ্জল বৰা বুলি দীৰ্ঘদিন ধৰি পৰিচয় দি প্ৰেম কৰি থকা যুৱকজন প্ৰকৃততে এজন হিন্দু যুৱক নহয় বুলি যুৱতী গৰাকীয়ে গোৱালপাৰাত উপস্থিত হৈহে জানিব পাৰে আৰু পৰিয়ালক অৱগত কৰায়৷

পৰিয়ালৰ লোকে গুৱাহাটীৰ মালিগাঁও আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত সোমবাৰে গোৱালপাৰাৰ মৰনৈ আৰক্ষীয়ে চলোৱা এক অভিযানত প্ৰৱঞ্চক প্ৰেমীক মেহবুব আলমৰ সৈতে যুৱতী গৰকীক তিনকণীয়া পাৰাৰ এখন হাবিত আত্মগোপন কৰি থকা অৱস্থাত উদ্বাৰ কৰে৷ প্ৰৱঞ্চক প্ৰেমিক মেহবুব আলম সম্প্ৰতি ৰঙাঘৰৰ আলোহী৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in