
ডিজিটেল সংবাদ, ৰঙাপাৰাঃ ৰঙাপৰাত বি এচ ইভেন্ট প্ৰডাক্টচনৰ উদ্যোগত ৰবিবাৰে গ্লেমাৰ এণ্ড গ্লচ নৰ্থইষ্ট ২০২৩ চিজন ওৱানৰ সৌন্দৰ্য্য প্ৰতিযোগীতা অনুষ্ঠিত হয়৷ বিভিন্ন ৰাষ্ট্ৰীয় বঁটা প্ৰাপক ৰঙাপৰাৰ বেষ্ট যুৱ মডেল হিচাপে পৰিচিত ভাস্কৰ সাহাৰ সঞ্চালনাত অনুষ্ঠিত সৌন্দৰ্য্য প্ৰতিযোগীতাখনিত মূখ্য অতিথিৰ আসন অলংকৃত কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰা অসমীয়া জনপ্ৰিয় বোলছৱি ড° বেজবৰুৱাত অভিনয় কৰা জনপ্ৰিয় অভিনেত্ৰী তথা অসমৰ যশস্বী অভিনেতা প্ৰয়াত নিপন গোস্বামীৰ বোৱাৰী কিংকিনি গোস্বামী উপস্থিত থাকে।
অনুস্থানত উপস্থিত হৈ কিংকিনি গোস্বামীয়ে কয় যে, ড° বেজবৰুৱাৰ পিছত তেওঁ নতুনকৈ 'অগ্নিবীৰ' নামৰ এখন অসমীয়া বোলছৱিত কাম কৰি আছে । বোলছৱিখনৰ শুভ মুক্তি লাভ কৰিলে সকলোৱে আদৰি লব বুলি আশা কৰে অভিনেত্ৰী গৰাকীয়ে ।
বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহন কৰে গুৱাহাটীৰ মিচেচ বৈশাখী ২০২১, আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত মিচেচ ইণ্ডিয়া ২০২২ ৰ বিজয়ী খিতাপ অৰ্জন কৰা সক্ৰিয় মহিলা সমাজকৰ্মী , চাইন এণ্ড টাজ শ্বৰ অৰ্গেনাইজাৰ বোলছবি প্ৰযোজক হিচাপে পৰিচিত সাগৰিকা ৰয়ৰ লগতে জামুগুৰিহাটৰ যুৱ সাংবাদিক দ্বয় চন্দন শৰ্মা আৰু প্ৰেম তিৱাৰীয়ে ।
ৰঙাপৰা কমলা ভৱনত ৰবিবাৰে সন্ধ্যা অনুষ্ঠিত সোন্দৰ্য্য প্ৰতিযোগীতাখনিত অৰ্ধশতাধিক কন-কন শিশুৰ লগতে যুৱক যুৱতিৰ অংশগ্ৰহণে উপস্থিত দৰ্শকৰ মন মুহিবলৈ সক্ষম হয়। ইজনীৰ পাছত সিজনী কণমাণিৰ জাতীয় পৰম্পৰাগত সাজত ৰেম্পত খোজ পেলায় । উক্ত সোন্দৰ্য্য প্ৰতিযোগীতাত বিজয়ী খিতাপ অৰ্জন কৰা সকলক অসমীয়াৰ জাতীয় স্বাভিমান ফুলাম গামোছা, বিজয়ী মুকুট, প্ৰশংসা পত্ৰ, উপহাৰৰ টোপোলাই উষ্ম অভিনন্দন জ্ঞাপন কৰে ।