/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-10/z87zkqaw/14.jpg)
ডিজিটেল সংবাদ,কোকৰাঝাৰ: বিশিষ্ট সাহিত্যিক, বিষ্ণু ৰাভা বঁটা প্ৰাপক গীতালী বৰুৱাৰ জনপ্ৰিয় আৰু বহু সমাদৃত অসমীয়া উপন্যাস "দাহালথুংগ্ৰি" আজি বড়ো ভাষাত অনুবাদ কৰি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।কোকৰাঝাৰৰ গৌৰাংভেলী হোটেলত বড়ো ভাষালৈ অনুবাদ হোৱা " দাহালথুংগ্ৰি" (বড়ো ভাষাত দাহালথুগ্ৰি শব্দৰ অৰ্থ ঢাল-তৰোৱাল) উপন্যাসখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে সাহিত্যিক তথা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বড়ো বিভাগৰ মূৰব্বী অধ্যাপক ড ° ইন্দিৰা বড়োই।
“দাহালখুংগ্ৰী” উপন্যাসখন বড়ো ভাষালৈ অনুবাদ কৰিছে ২০০৭ চনৰ সাহিত্য অকাডেমী বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক জনীল কুমাৰ ব্ৰহ্মই। এই উপলক্ষে কোকৰাঝাৰৰ গৌৰাং ভেলী হোটেলৰ প্ৰেক্ষাগৃহত আয়োজিত হোৱা দাহালথুংগ্ৰি নামৰ উপন্যাসখনৰ উন্মোচনী অনুষ্ঠানত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বড়ো বিভাগৰ মূৰব্বী অধ্যাপক ড ° ইন্দিৰা বড়োই বড়ো ভাষালৈ অনুদিত দাহালথুংগ্ৰি উপন্যাসখন আনুষ্ঠানিকভাৱে মুকলি কৰি কয় যে যদিওবা এইখন উপন্যাস তথাপিও ইয়াত বুৰঞ্জীমূলক সমল আছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-10/5bpa4bdd/26f7fd0e-4aff-4f29-ace1-0ecc706d7233.jpg)
পশ্চিম অসমৰ বাসিন্দা গীতালী বৰুৱাই বহু কিতাপ লিখিছে আৰু সেয়েহে গুৰুদেৱ কালিচাৰণ ব্ৰহ্মৰ ওপৰত গীতালী বৰুৱাক কিতাপ লিখিবলৈ অনুৰোধ কৰে ড° ইন্দিৰা বড়োই। অনুবাদ সাহিত্য যথেষ্ট টান যদিও সাহিত্য একাডেমী বঁটাপ্ৰাপক জনীল কুমাৰ ব্ৰহ্মই দাহালথুংগ্ৰি উপন্যাসখন বড়ো ভাষালৈ সুন্দৰভাৱে অনুবাদ কৰি বড়ো সাহিত্যৰ মহৎ উপকাৰ সাধন কৰা বুলি মন্তব্য কৰে।
পশ্চিম অঞ্চলৰ এই অঞ্চলটোক মাহী আইৰ চকুৰে চোৱা হয় বুলি অভিযোগ কৰি ইয়াত লিখাৰ বাবে যথেষ্ট সমল আছে বুলি মন্তব্য কৰি ড° ইন্দিৰা বড়োই সমলবোৰ সাহিত্যৰ ৰূপত সৃষ্টি হলে স্থায়ী হয় আৰু চিৰদিনে জিলিকি থাকে বুলি মন্তব্য কৰিছে । আনহাতে গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থকা দাহালথুংগ্ৰি উপন্যাসৰ অনুবাদক তথা সাহিত্য একাডেমী বঁটা প্ৰাপক জনীল কুমাৰ ব্ৰহ্মই কয় যে এটা ভাষাৰ পৰা আন এটা ভাষালৈ অনুবাদ কৰাটো আটাইতকৈ টান কাম ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-10/4oi1u85z/bfef3263-db86-45e2-9864-95e8fe3e2639.jpg)
লগতে কয়, লিখক-সাহিত্যিক গীতালী বৰুৱাৰ দাহালথুংগ্ৰি উপন্যাসখনে তেওঁক আকৃষ্ট কৰিছে অনুবাদ কৰি তেওঁ গৌৰৱ অনুভৱ কৰিছে। প্ৰকৃততে যদিওবা এইখন এখন উপন্যাস কিন্তু আচলতে এইখন বড়োৰ বুৰঞ্জীমুলক গ্ৰন্থহে বুলি মন্তব্য কৰি জনীল কুমাৰ ব্ৰহ্মই দাহালথুংগ্ৰিয়ে বড়ো সাহিত্যৰ ভঁৰাল টনকিয়াল কৰি তুলিব বুলি আশা প্ৰকাশ কৰে। গীতালী বৰুৱাই ইতিমধ্যে ত্ৰিশখনৰো অধিক কিতাপ প্ৰকাশ কৰি উলিয়াইছে আৰু প্ৰতিখন কিতাপে অনুপম সৃষ্টিৰ আধাৰ বুলি মন্তব্য কৰি জনীল কুমাৰ ব্ৰহ্মই নিজ ভাষণত কয় যে গীতালী বৰুৱাই সাহিত্য একাডেমী বঁটা কাহানিবাই পাব লাগিছিল যদিও নামনি অসমৰ বাসিন্দা হোৱা বাবেই বৰ্তমানলৈকে পোৱা নাই বুলি আক্ষেপ প্ৰকাশ কৰে।
লেখিকাই উপন্যাসখনৰ সমল বিচাৰি বিছমুৰী,কচুগাঁও,ৰামফলবিল আদি অঞ্চল পৰিভ্ৰমণ কৰি বড়ো ৰাইজৰ সুখ-দুখৰ ভাগি হৈছে, বহু বিষয় লৈ আলোচনা কৰিছে বুলি মন্তব্য কৰি এটা কঠিন সময়ৰ বাস্তৱতাক গীতালী বৰুৱাই উপন্যাসৰ সমল হিচাপে বাচি লোৱাত লেখিকাগৰাকীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে।
আনহাতে লেখিকা গীতালী বৰুৱাই নিজৰ চমু ভাষণত কয় যে বন্দুক ধৰিলেই যুদ্ধত যোৱা নুবুজায়। সকলোৱে মানৱতাক মুখ্যস্থান দি মানুহৰ মাজলৈ আগবাঢ়ি যোৱাৰ আহ্বান জনাই তেওঁৰ প্ৰতি দেখুওৱা উদাৰতাৰ বাবে সকলোলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। চিলাৰায় আৰু নৰনাৰায়নৰ ওপৰত কিতাপ লিখাৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে বুলি মন্তব্য কৰি লেখিকা গীতালী বৰুৱাই গুৰুদেৱ কালিচৰণ ব্ৰহ্মৰ ওপৰতো কিতাপ লিখাৰ আশা ব্যক্ত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-10/3zfcu2m3/f4cc9991-7310-42d2-94fe-4069d21f3060.jpg)
উল্লেখ্য যে আজিৰ গ্ৰন্থ উন্মোচনী সভাত সভাগৃহ পৰিপূৰ্ণ আছিল আৰু অঞ্জলী বসুমতাৰী, জয়শ্ৰী বড়ো, ,ভাৰ্জিন জেকোভা মুছাহাৰীকে ধৰি সাত গৰাকীকৈ সাহিত্য অকাডেমি বঁটা প্ৰাপক , বড়ো সাহিত্য সভা আৰু বড়ো লেখিকা সন্থাৰ বহু বিষয়ববীয়া, বহুসংখ্যক যুৱ লেখক-লেখিকা , সাহিত্যিকে আজিৰ গ্ৰন্থ উন্মোচনী সভাত উপস্থিত আছিল ৷