গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদৰ মডেল স্কুলৰ প্ৰতি হঠাৎ দৰদ শিক্ষা বিভাগৰঃ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ প্ৰাদেশিকৰণক লৈ ব্যস্ত মমতা হোজাই…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদৰ মডেল স্কুলৰ প্ৰতি হঠাৎ দৰদ শিক্ষা বিভাগৰঃ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ প্ৰাদেশিকৰণক লৈ ব্যস্ত মমতা হোজাই…

ডিজিটেল ডেস্কঃ যি সময়ত ৰাজ্যত শিক্ষকে তেওঁলোকৰ চাকৰি আৰু বিদ্যালয়সমূহৰ প্ৰাদেশিকৰণক লৈ ৰাজপথ উত্তাল কৰাৰ দৰে কঠোৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে , সেই সময়ত ৰাজ্য চৰকাৰে এই শিক্ষকসকলৰ দাবীৰ প্ৰতি অনিহা ব্যক্ত কৰিছে। কোনো গুৰুত্ব নাই শিক্ষকসকলৰ ভৱিষ্যতৰ প্ৰতি। কিন্তু একে সময়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত থকা এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক ৰহস্যজনকভাৱে প্ৰাদেশিকৰণ কৰিবলৈ তৎপৰ হৈছে শিক্ষা বিভাগ।

গুৱাহাটী কাহিলিপাৰা স্থিত মাধ্যমিক শিক্ষা সঞ্চালকালয়ে এই সন্দৰ্ভত বিদ্যালয় তিনিখনৰ প্ৰধান শিক্ষকলৈ প্ৰেৰণ কৰিছে ইখনৰ পাছত সিখন পত্ৰ। কেইটামান দিনৰ ভিতৰতে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ সঞ্চালকৰ দায়িত্ব লোৱা মমতা হোজাইয়ে শেহতীয়াকৈ ১৩ ছেপ্টেম্বৰ, ২০২১ত প্ৰেৰণ কৰিছে আন এক পত্ৰ।

নম্বৰ পিচি/ছেকচন ২৮৬/২০২১/৩ যোগে ১৩/১০/২০২১ত হোজাইয়ে প্ৰেৰণ কৰা পত্ৰত এই বিশ্ববিদ্যালয়ৰ মডেল স্কুল কেইখনৰ প্ৰাদেশিকৰণক লৈ তৎপৰতা প্ৰদৰ্শন কৰাই নহয়, পূৰ্বৰ পত্ৰৰ আধাৰত তিনিখন বিদ্যালয়ৰ প্ৰধান শিক্ষকক আলোচনাৰ বাবে নথিপত্ৰ সহ মাতি পঠিয়াইছিল। এই সভালৈ নিমন্ত্ৰণ কৰা সকলৰ ভিতৰত আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ মডেল হাইস্কুলৰ প্ৰধান শিক্ষক, যিখন বিদ্যালয় ইংৰাজী মাধ্যমৰ।

একেদৰে মন্তেশ্বৰী শাখাৰ প্রধান শিক্ষয়িত্ৰী অনিমা ৰয় আৰু অসমীয়া শাখাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ মডেল এইচ ই স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী গীতিমা ডেকাকো নিমন্ত্ৰণ কৰিছিল। এই সন্দৰ্ভত প্ৰেৰণ কৰা পত্ৰ ১৩ অক্টোবৰ প্ৰেৰণ কৰা বুলি লিখা হৈছে যদিও সেয়া আচলতে ১৩ ছেপ্টেম্বৰহে হ'ব লাগে। শিক্ষা সঞ্চালকালয়ে প্রথমখন পত্ৰ ১০ ছেপ্টেম্বৰত প্ৰেৰণ কৰিছিল।

পিচি/এছইচি/২৮৬/২০২১/২ নম্বৰৰ প্ৰথম চিঠিখনৰ পাছতে দ্বিতীয়খন চিঠি প্ৰেৰণ কৰিছিল ১৩ ছেপ্টেম্বৰত। মাত্ৰ তিনিদিনৰ ভিতৰত প্ৰেৰণ কৰা হয় তিনিখনকৈ চিঠি। সেই সময়ত হোজাই আছিল অতিৰিক্ত সঞ্চালকৰ দায়িত্বত। লক্ষণীয়ভাৱে দুয়োখন চিঠিৰ প্ৰেৰণৰ নম্বৰ একেই। ছেপ্টেম্বৰ মাহতেই অক্টোবৰৰ পত্ৰ প্ৰেৰণ কৰা শিক্ষা বিভাগৰ এনে কৰ্মকাণ্ডক লৈ ৰহস্যৰ সৃষ্টি হৈছে।

জানিব পৰা মতে, এই পত্ৰ লাভৰ পাছতেই বিশ্ববিদ্যালয়ৰ চৌহদত থকা মডেল হাইস্কুল শিক্ষক-কৰ্মচাৰীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। বিশ্ববিদ্যালয়ৰ এক বিশ্বস্ত সুূত্ৰৰ মতে বিশ্ববিদ্যালয়খনৰ চৌহদতে থকা এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ স্বাৰ্থত শিক্ষা বিভাগে এই তৎপৰতা প্ৰদৰ্শন কৰিছে।

উল্লেখযোগ্য যে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপত গোপীনাথ বৰদলৈ নগৰ একাডেমী নামৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে। এই বিদ্যালয়খন প্ৰাদেশিকৰণ কৰাৰ বাবেই এই তৎপৰতা প্ৰদৰ্শ কৰিছেশিক্ষা বিভাগে। ১৯৯৩চনতে কেইজনমান লোকৰ তৎপৰতাত স্থাপন হৈছিল গোপীনাথ বৰদলৈ নগৰ একাডেমী নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খন।

প্ৰায় ১৪জনমান শিক্ষক আছে এই শিক্ষানুষ্ঠানখনত। কিন্তু ১৯৯৭চনতেই স্থাপন কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ মডেল স্কুল নামৰ অসমীয়া বিদ্যালয়খনত আছে অনুমোদিত ২৪ টা পদ। বিদ্যালয়খনত মুঠ শিক্ষাৰ্থীৰ সংখ্যা ৪৫২গৰাকী। এই বিদ্যালয়ত নিয়োজিত শিক্ষক কৰ্মচাৰীয়ে বিশ্ববিদ্যালয়ৰ আন কৰ্মচাৰীৰ দৰেই সা সুবিধা লাভ কৰে।

কোনোদিনেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ তত্বাৱধানত চলা এই বিদ্যালয়ৰ প্ৰাদেশিকৰণৰ দাবী উত্থাপন হোৱা নাছিল। ইফালে, বিশ্ববিদ্যালয় কৰ্তৃপক্ষয়ো কোনো সঁহাৰি দিয়া নাছিল বিদ্যালয়খনৰ সৰ্বাংগিন উন্নয়নৰ বাবে। বহু শিক্ষকে অৱসৰ গ্ৰহণ কৰাত এতিয়া মাত্ৰ ১২জন শিক্ষকে এই বিদ্যালয়ত পাঠদান চলাই গৈছে।ইয়াৰে চাৰিজন ঠিকাভিত্তিক আৰু এজন স্থায়ী নিৰিখৰ শিক্ষক আছে।

ইফালে, এই বিদ্যালয়খনে চলিত বৰ্ষৰ পৰা নামভৰ্তিৰ মাচুলো সংগ্ৰহ কৰিছে। ইংৰাজী মাধ্যমৰ বিদ্যালয়খনত নিয়োজিত শিক্ষকক ছাত্ৰ ছাত্ৰীৰ মাচুলেৰে সংগ্ৰহৃত ধনেৰে মোটা অংকৰ দৰমহা দিয়া হয়। সেই খন বিদ্যালয়তে প্ৰাদেশিকৰণৰ স্বাৰ্থত মাধ্যমিক শিক্ষা সঞ্চালকালয়ে এই ধৰণৰ তৎপৰতা প্ৰদৰ্শন কৰি আহিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজমজিয়াত অসমীয়া মাধ্যমৰ বিদ্যালয়ক এলাগী কৰি ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ শিক্ষকক স্বাৰ্থ সুৰক্ষিত কৰিবৰ বাবেই এটা চক্ৰ তৎপৰ হৈ পৰিছে। কিয়নো এই চক্ৰটোৰে আত্মীয়ই ইংৰাজী মাধ্যমৰ বিদ্যালয়ত শিক্ষকতা কৰে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in