বনভোজ খাবলৈ গৈ মেঘালয়ত মৃত্যু গুৱাহাটীৰ দুই যুৱকৰ…

বনভোজ খাবলৈ গৈ মেঘালয়ত মৃত্যু গুৱাহাটীৰ দুই যুৱকৰ…

author-image
asomiyapratidin
New Update
বাক্সাৰ শালবাৰীত মৃতদেহ উদ্ধাৰ…

প্ৰতীকি ফটো

ডিজিটেল সংবাদ, বকো: কামৰূপ জিলাৰ বকোৰ সমীপৰ আৰু মেঘালয় ৰাজ্যৰ আঠিয়াবাৰী আৰক্ষী চকীৰ অন্তৰ্গত আৰেডংঙা বনভোজস্থলীত আজি দুগৰাকী যুৱকৰ মৃত্যু হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণ মতে, আৰেডংঙা বনভোজস্থলীলৈ ৰাতিপুৱাতে বনভোজ খাবলৈ গুৱাহাটীৰ পৰা এটা ৪০জনীয়া দল বাছেৰে গৈছিল। দলটোৰ মানস বৰা (১৭) আৰু বিকি কলিতা(১৭)নামৰ যুৱক দুজনক হাঠাতে আৰেডংগা নদীৰ পানীত গাধুই থাকোতে খৰস্ৰোতা পানীয়ে হঠাতে উটুৱাই নিয়ে ।

দুয়ো দপানীত পৰি সন্ধানহীনহৈ পৰে। বহুসময় ধৰি দলটোৱে যুৱক দুগৰাকীক নদীত বিচাৰ-খোচাৰ কৰাৰ শেষত শিলৰ চেঁপাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ম'বাইল টাৱাৰ পৰ্যন্ত পাবলৈ সক্ষম নোহোৱা ঠাইডোখৰৰ পৰা গুৱাহাটীৰ দলটোৱে দুয়োকে পানীৰ পৰা তুলি আনি বকোৰ ব্যক্তিগত চিকিৎসালয় 'অৰুনোদয়'ত ভৰ্তি কৰে যদিও চিকিৎসালয়খনৰ চিকিৎসকে ইতিমধ্যে দুয়োৰে মৃত্যু হোৱা বুলি ঘোষণা কৰে । দলটোৱে অৱশ্যে ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ গৈছে।জানিবপৰা মতে মৃত্যু হোৱা মানস বৰাৰ ঘৰ নগাঁৱত আৰু বিকি কলিতাৰ ঘৰ গুৱাহাটীৰ বিৰুবাৰীত ।