/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/dangor-khobr-2.jpg)
ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰত থকা উৰণীয়া সেতু আৰু আন গুৰুত্বপূৰ্ণ স্থানত অঁৰা পোষ্টাৰ-বেনাৰ-হৰ্ডিং আঁতৰোৱাৰ নিৰ্দেশ দিছে কামৰূপ মহানগৰ উপায়ুক্তই। জিএমচিক এই নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ কোৱা হৈছে । উল্লেখযোগ্য যে, নৱনিৰ্মিত লাষ্টগেটৰ উৰণীয়া সেতুত পান মচলাৰ পিক পেলোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
সোমবাৰে যিসকল শিল্পীয়ে এই উৰণীয়ে সেতুখনত ছবি অংকন কৰিছিল তাত পেলোৱা তামোল-পানৰ পিক নিজ হাতেৰে মোহাৰিছিল। বিভিন্ন মাধ্যমত ইয়াক লৈ সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া। কিছুদিনৰ পূৰ্বে নিৰ্মান কৰা গণেশগুৰি উৰণীয়ে সেতুতো এতিয়া কদৰ্য ৰূপ। বিভিন্ন টুলেটকে ধৰি পেয়িং গেষ্ট আৰু আন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পোষ্টাৰেৰে ভৰাই পেলোৱা হৈছে সেই উৰণীয়া সেতুখনতো অংকন কৰা একাংশ ছবিত। সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে জিএমচিয়েও। সেয়েহে তৎকালীনভাৱে এই পোষ্টাৰসমূহ আঁতৰাবলৈ নিৰ্দেশ দিছে কামৰূপ জিলা প্ৰশাসনে।
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us