/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/ghilamara-teacher.jpg)
ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা মহকুমাৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান, ঘিলামৰাৰ বাটমাৰী অঞ্চলৰ বাটমাৰী বালক উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক, ধৰ্মপ্ৰাণ ব্যক্তি নবীন শইকীয়াৰ মঙ্গলবাৰে দুপৰীয়া পৰলোক প্ৰাপ্তি ঘটে। কিছু দিন ধৰি মেলিনা ৰোগত আক্ৰান্ত হৈ ২নং বাটমাৰী অঞ্চলৰ স্বগৃহত থকা ধৰ্মপ্ৰাণ ব্যক্তি শইকীয়াৰ স্বাস্থ্যৰ অৱনতি ঘটাত আত্মীয়ই ডিব্ৰুগড়লৈ জৰুৰী চিকিৎসাৰ বাবে নিয়াৰ পথতে প্ৰবীণ শিক্ষাবিদ গৰাকীৰ বৈকুণ্ঠ প্ৰয়ান ঘটে।
প্ৰায় ৬৩ বছৰীয়া শইকীয়াই ধেনুখণা বালক উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ২০১৮ চনৰ ৩১ জুলাইত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিচাবে অৱসৰ গ্ৰহণ কৰি অঞ্চলটোৰ বিভিন্ন ধৰ্মীয় আৰু সামাজিক কাৰ্য্যত ব্ৰতী হৈছিল।এগৰাকী নিষ্ঠাবান শিক্ষাব্ৰতী হোৱাৰ উপৰিও মিষ্টভাষী, নিৰ্জু আৰু সমাজ হিতৈষী ব্যক্তিত্বৰ অধিকাৰী শইকীয়াই মৃত্যুৰ সময়ত পত্নীসহ তিনিগৰাকী পুত্ৰ আৰু এগৰাকী কন্যা সন্তানৰ লগতে অজশ্ৰ আত্মীয়স্বজন গুণমুগ্ধক ইহ সংসাৰত এৰি গৈছে।
শইকীয়াৰ অকাল বিয়োগত ধেনুখণা বালক উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী গোট, ছাত্ৰ একতা সভা , বিদ্যালয় পৰিচালনা সমিতি ,২ নং বাটমাৰী হৰিমন্দিৰ সমিতি , জ্যেষ্ঠ নাগৰিক সমিতি আদি বিভিন্ন সংগঠনে গভীৰ শোক ব্যক্ত কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছে আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।