ডিজিটেল সংবাদ ঢকুৱাখনা: অসম চৰকাৰৰ শক্তিমন্ত্রী বিমল বৰাই বৰ্তমান সময়ত বিদ্যুৎ বিভাগটোক অধিক গতিশীল আৰু জনমুখী কৰি তোলাৰ প্ৰচেষ্টা চলোৱাৰ সময়তে এচাম মুনাফালোভী ঠিকাদাৰ আৰু মধ্যভোগীৰ দৌৰাত্মই বিভাগটোক গনবিচ্ছিন্ন কৰিহে তুলিছে।অসম শক্তি বিতৰণ কোম্পানীৰ অন্তৰ্গত ঘিলামৰা বৈদ্যুতিক উপ সংমণ্ডলৰ অধীনৰ গন্ধীয়া ঘাৰমৰাৰ বিজয়পুৰ গাওঁবাসী এনে এক অশুভ চক্ৰৰ কবলত পৰি হাঁহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হৈছে। ঘিলামৰা বৈদ্যুতিক উপ সংমণ্ডলৰ অধীনৰ গন্ধিয়া ঘাৰমৰা বিজয়পুৰ গাওঁৰ ভুক্তভোগী ৰাইজে অভিযোগ কৰা মতে বিগত প্ৰায় ২ বছৰ ধৰি বিদ্যুৎ বিভাগৰ দায়িত্বহীনতা, মুনাফালোভী ঠিকাদাৰ আৰু মধ্যভোগীৰ বাবে বিদ্যুৎ বিভাগৰ পোহৰৰ পৰা বঞ্চিত হৈ অনগ্ৰসৰ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে গঞাই ।
ৰাইজৰ প্ৰচেষ্টাত গ্ৰাম্য বৈদ্যুতিকৰণৰ বাবে 'সৌভাগ্য' নামৰ এক আঁচনিৰ অধীনত প্ৰাৰম্ভিক কাম আৰম্ভ কৰিছিল। সেই অনুসৰি গাঁওখনত প্ৰায় ১৪ টা পকী খুটা স্থাপন কৰিলে নিয়োজিত ঠিকাদাৰ এজনে। কিন্তু বিদ্যুৎ খুঁটাসমূহ স্থাপন কৰাৰ দুবছৰ অতিক্ৰমিলে যদিও গাঁওখনৰ ৮ টা গঞা দৰিদ্ৰ পৰিয়ালে আজিও বৈদ্যুতিকৰণৰ মুখ নেদেখিলে । অভিযোগ মতে আঁচনি ৰূপায়ণৰ দায়িত্বপ্ৰাপ্ত ঠিকাদাৰৰ উক্ত আঁচনি ৰূপায়নৰ দিশটো ঘিলামৰাৰ মাধৱ কোচ (দিম্পল) নামৰ এজন ব্যক্তিয়ে তদাৰক কৰাৰ লগতে যাবতীয় সামগ্ৰী যোগান ধৰিছিল। কিন্তু দুৰ্ভাগ্যজনক ভাবে প্ৰায় ২ বছৰৰ পূৰ্বে বৈদ্যুতিক খুঁটা স্থাপন কৰি উধাও হ'ল ঠিকাদাৰ।পৰৱৰ্তী সময়ত ৰাইজৰ নেৰানেপেৰা প্ৰচেষ্টাত বিদ্যুৎ বিভাগে তাঁৰ সংযোগ কৰাৰ পাছতো উক্ত গাওঁ খনত বৰ্তমান সময়লৈকে কোনো ধৰণৰ বিদ্যুৎ সংযোগ কৰা হোৱা নাই।
গঞাই জনোৱামতে প্ৰথম অৱস্থাত উক্ত গাঁওবাসীক বিদ্যুত সংযোগ কৰি মিটাৰ, লাইটৰ বাল্ব আদি সম্পূৰ্ণ বিনামূলীয়াকৈ যোগান ধৰাৰ আশ্বাসেৰে দৰিদ্ৰ পৰিয়ালৰ পৰা বি.পি.এল কাৰ্ড,আধাৰ কাৰ্ড,ভোটাৰ কাৰ্ড,গাওঁ বুঢ়া প্ৰমাণপত্ৰ আদি সংগ্ৰহ কৰিছিল ঠিকাদাৰজনৰ হৈ মধ্যভোগী কোচে । কিন্তু আঁচনিখনৰ অধীনত যোগান ধৰিব লগা মিটাৰ, বাল্ব আদি একো অদ্যপি যোগান ধৰা নাই। ঘিলামৰা বিদ্যুৎ বিভাগেও সংযোগ কৰি দিয়া নাই উক্ত খুঁটাসমূহত বিদ্যুৎ যোগান। এনে প্ৰেক্ষাপটত বছৰ জুৰি চৰকাৰী সেৱাৰ পৰা বঞ্চিত হৈ লেম্প, চাকিৰ পোহৰত নিশা কটাই , মমৰ পোহৰত শিক্ষাৰ্থী সকলে অধ্যয়ন কৰি সন্মুখীন হৈ অহা অবৰ্ণনীয় সমস্যাৰ ভুক্তভোগী ৰাইজে বুধবাৰে একত্ৰিত হৈ সাব্যস্ত কৰে ৰাজহুৱা প্ৰতিবাদ ।
অঞ্চলটোৰ ভুক্তভোগী গঞাই বুধবাৰে বিদ্যুৎ বিভাগৰ অব্যৱহৃত খুঁটাৰ তলত অৱস্থান কৰি ঘিলামৰা বিদ্যুৎ বিভাগ মূর্দাবাদ , অকৰ্মণ্য বিদ্যুৎ বিভাগ গ' বেক , ঠিকাদাৰৰ মইমতালি নছলিব , দুবছৰে খুঁটা পুতি বিদ্যুৎ যোগান নধৰি প্ৰবঞ্চনা কৰা ঠিকাদাৰ মূর্দাবাদ, আমাক বিদ্যুত পোহৰ দিয়ক আদি শ্ল'গান দি প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে। লগতে অকৰ্মণ্য ঘিলামৰা বিদ্যুৎ বিভাগৰ দায়িত্বহীনতাৰ ঐক্যবদ্ধ প্ৰতিবাদ সাব্যস্ত কৰি বিদ্যুৎ বিভাগৰ প্ৰতিকৃতি দাহ কৰে। ৰাইজে বিভাগ আৰু ঠিকাদাৰৰ ইচ্ছাকৃত হেমাহিৰ বাবে বছৰ বছৰ ধৰি অন্ধকাৰাচন্ন জীৱন কটোৱা গঞাৰ জীৱনকলৈ হেতালি খেলা বন্ধ কৰি তৎকালে গাঁওখনত বিনামূলীয়াভাবে বিদ্যুৎ মিটাৰ যোগানেৰে দৰিদ্ৰ পৰিয়ালসমূহক বিদ্যুৎ যোগান ধৰাৰ দাবী জনাইছে।এই ক্ষেত্ৰত শক্তি মন্ত্ৰী বিমল বৰাৰ হস্তক্ষেপ দাবী জনাইছে ৰাইজে।