
ডিজিটেল সংবাদ, ঢকুৱাখনা: শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত হৈ চৌৰ্য বৃত্তিত লিপ্ত হৈ ৰঙা ঘৰৰ আলহী হ'ব লগা হৈছে ঢকুৱাখনা মহকুমাৰ এজন প্ৰাথমিক শিক্ষক। ঘটনাটো বৰদলনি শিক্ষা খণ্ডৰ অন্তৰ্গত ঘিলামৰা নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ । সোমবাৰে নিশা প্ৰায় ৮.৩০ বজাত ঘিলামৰা সদৰত অৱস্থিত ঘিলামৰা নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ কাৰ্য্যালয়ৰ চকীদাৰ প্ৰদীপ গোঁহাইৰ সহযোগত বিদ্যালয়ৰ গুদামৰ পৰা সংগোপনে এবেগ মধ্যাহ্ন ভোজনৰ চাউল বেলেগ এটা বস্তাত ভৰাইলৈ থকা অৱস্থাত যুৱ ছাত্ৰ পৰিষদৰ নেতা দীপাংকৰ শইকীয়াই দেখাত শইকীয়াক দুর্বব্যৱৰ কৰি পলায়ন কৰাৰ অপচেষ্টা চলোৱাৰ সময়তে হাতে লোতে চাউলৰ বেগ সহ ঘিলামৰা আঞ্চলিক ছাত্ৰ সন্থা আৰু যুৱ ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তাই ধৰে।
চকীদাৰ প্ৰদীপ গোঁহাই পলায়ন কৰে যদিও সহকাৰী শিক্ষক দত্তক AS07 S 2551 নম্বৰৰ এখন বাইক সহ চাউলৰ বেগ উদ্ধাৰ কৰি ঘিলামৰা আৰক্ষীয়ে থানালৈ আনে। । ঘিলামৰা আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বই জনোৱামতে দত্তই অনৈতিক ভাবে প্ৰধান শিক্ষক খগেন শইকীয়াৰ অজ্ঞাতে চাউল গুদামৰ পৰা এখন বেঞ্চত উঠি চোৰাং ভাবে উলিয়াই নিবলৈ চেষ্টা কৰাৰ সময়তে হাতে লোতে ধৰা পৰে। অৱশ্যে ধৃত দত্তই এই অভিযোগ অস্বীকাৰ কৰিছে থানাত।। সম্প্রতি ঘিলামৰা আৰক্ষীৰ জিম্মাত থকা শিক্ষক দত্তই এই দুষ্কাৰ্য সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰিছে । সঠিক তদন্তই হে প্ৰকৃত ৰহস্য পোহৰলৈ আনিব ।