ঘগ্ৰাপাৰত সাংসদ দিলীপ শইকীয়াৰ খাদ্য সামগ্ৰী বিতৰণ

ঘগ্ৰাপাৰত সাংসদ দিলীপ শইকীয়াৰ খাদ্য সামগ্ৰী বিতৰণ

author-image
asomiyapratidin
New Update
ঘগ্ৰাপাৰত সাংসদ দিলীপ শইকীয়াৰ  খাদ্য সামগ্ৰী বিতৰণ

ডিজিটেল সংবাদ, বৰনৰ্দ্দীঃ কোৰোনা ভাইৰাছক লৈ সমগ্র দেশত বলবৎ হৈ থকা লকডাউনৰ সময়ছোৱাত দৰিদ্ৰ লোকৰ অৱস্থা সম্প্ৰতি তথৈৱচ হৈ পৰিছে। নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ বহু পৰিয়াল খাদ্য সংকটৰ সন্মুখীন হোৱাত অঞ্চলটোৰ একাংশ হৃদয়ৱান লোকে সহায়ৰ হাত আগবঢ়াই মহানুভৱতাৰ পৰিচয় দাঙি ধৰাৰ সময়তে সোমবাৰে বিয়লি মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই আৰু ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক মধুৰাম ডেকাই ঘগ্ৰাপাৰত একাংশ দৰিদ্ৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে।

Advertisment

অঞ্চলটোৰ প্ৰায় ২০০ টা পৰিয়ালৰ মাজত চাউল ,দালি ,আলু ,পিয়াজ ,মিঠাতেলকে ধৰি প্ৰয়োজনীয় বিভিন্ন খাদ্য বস্তু বিতৰণ কৰে। ইফালে সাংসদগৰাকীয়ে কোৰোনাৰ বিৰুদ্ধে জাগ্ৰত প্ৰহৰী হিচাপে সেৱা আগৱঢ়াই অহা ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱৰ ৯গৰাকী সাংবাদিকক মাস্ক, চেনিটাইজাৰ প্ৰদান কৰে।সাংসদগৰাকীয়ে বৰ্তমান সময়ত সাংবাদিকসকলৰ ভূমিকাক ভূয়সী প্ৰংশসা কৰাৰ লগতে অঞ্চলটোত সজাগতা সৃষ্টিৰ বাবে সাংবাদিকসকলক আগভাগ লবলৈ আহ্বান জনায়।

এই সাহাৰ্য বিতৰণত সাংসদগৰাকীক সহাযোগিতা আগবঢ়াই নলবাৰী জিলা বিজেপিৰ সম্পাদক দ্বীপেন কলিতা, বড়িগোগ বনভাগ মন্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, জ‍্যেষ্ঠ বিজেপি সুকুমাৰ মজুমদাৰ, গাঁও সভাৰ সদস্য বাপুতি কলিতা,বিজেপি কৰ্মী মনিৰাম দাস, সদানন্দ কলিতা, ভুপেন দাস আদিয়ে।ইফালে সাংসদগৰাকীয়ে আজি নলবাৰী সমষ্টিৰ অন্তৰ্গত বাঁহজানী আৰু দেহাৰকুছি অঞ্চলতো খাদ্য সামগ্ৰী বিতৰণ কৰে।