খাতিকুছিত আছুৰ উদোগত ৬৫ কৃৰ্তীমানক সম্বৰ্ধনা

খাতিকুছিত আছুৰ উদোগত ৬৫ কৃৰ্তীমানক সম্বৰ্ধনা

ডিজিটেল সংবাদ, বৰনদ্দীঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত খাতিকুছিত পশ্চিম বনভাগ আঞ্চলিক ছাত্র সন্থাৰ উদোগত মঙলবাৰে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতিমান ছাত্র-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। স্থানীয় ছোৱালী হাইস্কুলত আয়োজিত অভিনন্দন অনুষ্ঠানটিৰ সভাপতিত্ব কৰে পশ্চিম বনভাগ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি ৰজ্ঞিত শৰ্মাই। সভাখনৰ আঁত ধৰে আৰু উদ্দেশ্য বাখ্যা কৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা শিক্ষা সম্পাদক ৰিয়াজ উদ্দিন আহমেদে আৰু পশ্চিম বনভাগ আঞ্চলিক ছাত্র সন্থাৰ সম্পাদক হোমেন ৰবি দাসে।

সভাত হাইস্কুল তথা উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বিভিন্ন শিক্ষানুষ্ঠানৰ ৬৫ গৰাকী ছাত্ৰ-ছাত্ৰীক গামোচা, অভিনন্দন পত্ৰ আদিৰে সম্বৰ্ধনা জনোৱা হয়৷ অনুষ্ঠানটোত মুখ্য অতিথিৰূপে উপস্থিত থকা সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুনজিৎ পাঠক, সম্পাদক অক্ষয় ডেকা, উপ সভাপতি উৎপল কলিতা, নলবাৰী উন্নতি সভাৰ সম্পাদক ৰাতুল চন্দ্ৰ ডেকা, ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্তাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰী, নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক হেমেন চৌধুৰী আদিয়ে ভাষণত কৃতী ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি শুভেচ্ছামুলক বক্তব্য দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ সফলতাৰ যাত্ৰাত আৰু অধিক মনোনিৱেশ কৰি নতুন ইতিহাস ৰচিবলৈ আহ্বান জনায়।

অনুষ্ঠানত সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ সম্পাদক অক্ষয় ডেকাই ভাষণত কৃতিমান ছাত্র-ছাত্ৰীসকলক আগন্তুক দিনত ইয়াতকৈ অধিক ভাল ফলাফল দেখুৱাই নলবাৰীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ আহ্বান জনায়। অনুষ্ঠানটোত অঞ্চলটোৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে আন বহুলোক উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in