/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/21873560-7c94-474a-9f6c-1d00e28801fa.jpg)
ডিজিটেল সংবাদ, বৰনৰ্দ্দীঃ ঘগ্ৰাপাৰ যুৱ সমাজকৰ্মী তথা বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই পুনৰ নিজা প্ৰচেষ্টাত লকডাউনৰ সময়ত আৰ্তজনৰ কাষত থিয় দিয়ে। সম্প্ৰতি কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা দেশবাসীক ৰক্ষা কৰিবৰ বাবে আহ্বান জনোৱা লকডাউনৰ ফলত নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ দৰিদ্ৰ জনসাধাৰণৰ মাজতো খাদ্য সামগ্ৰীৰ সংকটে দেখা দিছে।
ঠেলা-ৰিক্সা চলাই, দিন-হাজিৰা কৰি নিজৰ পৰিয়ালক পোহপাল দি অহা এইসকল দৰিদ্ৰ পৰিয়ালে লকডাউনৰ ফলত নিজ গৃহতে আবদ্ধ হৈ থকাৰ সময়ত এক প্ৰকাৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰিছে। ঘৰৰ মুৰব্বীগৰাকীয়ে কাম কৰাৰ অৰ্থে ঘৰৰ পৰা ওলাই যাব নোৱাৰাৰ ফলত এইসকল দিনহাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পৰিয়ালসমূহ ভীষণ সমস্যাৰ সন্মুখীন হৈছে।
এনে পৰিপ্ৰেক্ষিতত শনিবাৰে বৃহত্তৰ বৰাজোল-ঘগ্ৰাপাৰ অঞ্চলৰ এনে পৰিয়ালসমুহক সামান্য পৰিমাণে হ'লেও সকাহ দিয়াৰ উদ্দেশ্যে ঘগ্ৰাপাৰৰ সমাজকৰ্মী তথা বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাৰ প্ৰচেষ্টা আৰু বিজেপি কাৰ্যকৰ্তাৰ সহাযোগত অঞ্চলটোৰ ৫০০ গৰাকী ঠেলা -ৰিক্সা চালক,বিধৱা মহিলা,দিন হাজিৰা কৰা শ্ৰমিকৰ পৰিয়ালৰ মাজত চাউল ,দাইল,আলু ,মিঠাতেল আদি বিতৰণ কৰে।
সামাজিক দূৰত্ব বৰ্তাই ৰাখি সম্পূৰ্ণ নিয়মানুৱৰ্তিতাৰে খাদ্য সামগ্ৰী দৰিদ্ৰ জনসাধাৰণৰ মাজত বিতৰণ কৰাত সচেতন ৰাইজে সমাজকৰ্মী তথা বিজেপি নেতা বেজবৰুৱাৰ এনে পদক্ষেপক আদৰণি জনায়।শনিবাৰৰ এই সাহাৰ্য বিতৰণ অঞ্চলটোৰ চিলিং, নিজখগটা, বিলপাৰ, কটকীয়া, বুৰবুৰী, বাঘমাৰা, দলুৱা, কঞাকুছি, মাজবাৰী, আকনা, সঠামৌ, বৰাজোলকে ধৰি প্ৰায় কুৰিগাঁৱৰ ৫০০ শতাধিক দৰিদ্ৰ পৰিয়ালক সহায়ৰ হাত আগবঢ়ায়।
উল্লেখ্য যে, পৰহিও ঘগ্ৰাপাৰৰ বড়িগোগ বনভাগ মন্ডল এলেকাত বিধায়ক অশোক শৰ্মাই ৩০০ টা দুখীয়া পৰিয়াল আৰু মণ্ডল বিজেপিয়ে ৫০০টা দিন হাজিৰা কৰা পৰিয়ালৰ মাজত খাদ্য-সামগ্ৰী বিতৰণ কৰে।