মন গ'লেই সপ্তাহৰ চাৰিটা দিনত যোৰহাটৰ পৰা আকাশী পথেৰে যাব পাৰিব দিল্লীলৈ...

যোৰহাটবাসীৰ বাবে ভাল খবৰ দিলে গৌৰৱ গগৈয়ে। অঞ্চলটোৰ ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান হোৱাৰ দিশে আগবাঢ়িছে। সকলো ঠিকেই থাকিলে যোৰহাটৰ পৰাই চিধাই যাব পাৰিব দিল্লীলৈ। 

author-image
Asomiya Pratidin
New Update
মন গ'লেই সপ্তাহৰ চাৰিটা দিনত যোৰহাটৰ পৰা আকাশী পথেৰে যাব পাৰিব দিল্লীলৈ...

ডিজিটেল ডেস্কঃ যোৰহাট তথা উজনি অসমৰ বাবে ভাল খবৰ দিলে সাংসদ গৌৰৱ গগৈয়ে। এই অঞ্চলটোৰ ৰাইজৰ এক দীৰ্ঘদিনীয়া সমস্যা সমাধান হোৱাৰ দিশে আগবাঢ়িছে। সকলো ঠিকেই থাকিলে যোৰহাট বিমান বন্দৰৰ পৰাই চিধাই যাব পাৰিব দিল্লীলৈ। 

Advertisment

আজি ফেচবুকত সাংসদ গৌৰৱ গগৈয়ে এই বাৰ্তা দিছে। তেওঁ লিখিছে, ২০২৪ চনৰ জুলাই মাহত ইণ্ডিগো এয়াৰলাইন্সে যোৰহাটলৈ বিমান সংযোগ উন্নত কৰাৰ পৰিকল্পনা ঘোষণা কৰিছিল। প্ৰথমাৱস্থাত বিশেষ প্ৰগতি নহ’লেও মই আনন্দৰ সৈতে জনাওঁ যে ইণ্ডিগো এয়াৰলাইন্সে এতিয়া ২০২৫ চনৰ ১৬ ছেপ্টেম্বৰৰ পৰা দিল্লী-যোৰহাট পথত বিমান সেৱা আৰম্ভ কৰিবলৈ সাজু হৈছে।

সাংসদগৰাকীয়ে জনোৱা অনুসৰি ইণ্ডিগোৰ এই বিমান সপ্তাহৰ সোম, মঙল, বৃহস্পতি আৰু শনিবাৰ মিলাই মুঠ চাৰিদিন ধৰি চলিব। বিমানখনৰ সময়সূচী হ’ব-  

  • দিল্লীৰ পৰা যোৰহাট: পুৱা ০৯:৪০ – দুপৰীয়া ১২:২০
  • যোৰহাটৰ পৰা দিল্লী: দুপৰীয়া ০১:০০ – বিয়লি ০৩:৪৫

অসম প্ৰদেশ কংগ্ৰছৰো সভাপতি সাংসদ গৌৰৱ গগৈয়ে এই নতুন বিমান সংযোগে যোৰহাটৰ জনগণৰ বাবে সংযোগ আৰু সুবিধা বৃদ্ধি কৰি এক গুৰুত্বপূৰ্ণ উন্নয়ন সাধন কৰিব বুলি আশা প্ৰকাশ কৰিছে। লগতে ইয়াৰ বাবে তেওঁ দেশৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰী শ্ৰী ৰাম মোহন নাইডুক হৃদয়ৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছে বুলিও উল্লেখ কৰিছে। 

তেওঁ লিখিছে, মই মাননীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী শ্ৰী ৰাম মোহন নাইডু ডাঙৰীয়ালৈ হৃদয়ৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছো,  তেখেতে এই দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি ধৈৰ্য্যৰে বিবেচনা কৰিছে। মই কেইবাবাৰো তেওঁৰ সৈতে এই বিষয়ে আলোচনা কৰাৰ সুযোগ পাইছিলো আৰু তেওঁৰ সমৰ্থনৰ বাবে কৃতজ্ঞ।

তাৰোপৰি তেওঁ শিলচৰ আৰু ডিব্ৰুগড়লৈ বিমান সংযোগ বৃদ্ধিৰ সম্পৰ্কীয় অন্যান্য ক্ষেত্ৰতো তেওঁৰ দাবী অব্যাহত ৰাখিব বুলি একেটা পোষ্টতে উল্লেখ কৰিছে। 

উজনি অসম গৌৰৱ গগৈ