/asomiyapratidin/media/media_files/2025/05/17/mSvwDhNgxH9dQBYS5CAl.jpg)
ডিজিটেল ডেস্কঃ পাকিস্তানৰ পৰা সৃষ্টি সন্ত্ৰাসবাদৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি দাঙি ধৰিবলৈ বিদেশ ভ্ৰমণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰিছে এক সৰ্বদলীয় প্ৰতিনিধিৰ তালিকা। কংগ্ৰেছৰ পৰা এই সৰ্বদলীয় প্ৰতিনিধি দলটোলৈ চাৰি গৰাকী সাংসদক প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰিছে দলটোৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে।
জয়ৰাম ৰমেশে এই সম্পৰ্কে এক্স হেণ্ডেলৰ জৰিয়তে দলটোৰ চাৰিওগৰাকী সাংসদৰ নাম প্ৰকাশ কৰাৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আপত্তি দৰ্শাইছে। উল্লেখ্য যে, কংগ্ৰেছে যি চাৰি গৰাকী সাংসদৰ নাম প্ৰেৰণ কৰিছে সেইসকল ক্ৰমে সাংসদ আনন্দ শৰ্মা, সাংসদ তথা বিৰোধী উপ-দলপতি গৌৰৱ গগৈ, সাংসদ ছৈয়দ নাছিৰ হুছেইন আৰু সাংসদ অমৰিন্দৰন সিং ৰাজা ৱাৰিং।
শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তান সম্পৰ্কৰ বিষয়ে উল্লেখ কৰি ধাৰাবাহিকভাৱে গৌৰৱ গগৈক লক্ষ্য কৰি আক্ৰমণ ব্যাহত ৰাখিছে। অসম আৰক্ষীয়ে গঠন কৰা এছ আই টিয়েও এই বিষয়ে তদন্ত অব্যাহত ৰাখিছে।
সেয়ে গৌৰৱ গগৈৰ নাম এই তালিকাত দেখাৰ পিছতেই মুখ্যমন্ত্ৰী ড০ শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে গৌৰৱ গগৈক এই তালিকাৰ পৰা বাদ দিবলৈ আহ্বান জনাইছে। তেওঁ ফেচবুকত লিখিছে, ''তালিকাখনত নাম উল্লেখ কৰা এগৰাকী সাংসদে (অসমৰ) তেখেত দীৰ্ঘদিন পাকিস্তান ভ্ৰমণ কৰাৰ বিষয়ে অস্বীকাৰ কৰা নাই৷ খবৰ অনুসৰি দুসপ্তাহ তেওঁ তাত আছিল আৰু বিশ্বাসযোগ্য নথি-পত্ৰৰ পৰা এয়া স্পষ্ট হৈছে যে তেখেতৰ পত্নীয়ে ভাৰতত কাম কৰি থকাৰ সময়ত পাকিস্তানস্থিত এন জি অ’ এটাৰ পৰা দৰমহাৰ নামত ধন লাভ কৰিছিল।
মাননীয় বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক আহ্বান জনাইছোঁ যে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত দলীয় ৰাজনীতিৰ ঊৰ্ধ্বত গৈ এই ব্যক্তিগৰাকীক এনে স্পৰ্শকাতৰ আৰু কৌশলপূৰ্ণ এছাইনমেণ্টত অন্তৰ্ভুক্ত নকৰিব।( মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুকত লিখা অসম্পাদিত ৰূপ)''
One of the MPs named in the list ( from Assam ) has not denied his prolonged stay in Pakistan—reportedly for two weeks—and credible documents show that his wife was drawing salary from a Pakistan-based NGO while working in India.
— Himanta Biswa Sarma (@himantabiswa) May 17, 2025
In the interest of national security and beyond… https://t.co/Y1thJAgMy8
মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ এই আহ্বান কংগ্ৰেছ তথা ৰাহুল গান্ধীয়ে ৰক্ষা কৰে নে নাই সেয়া অৱশ্যে স্পষ্ট নহয়। উল্লেখ্য যে, গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড০ শৰ্মাই উত্থাপন কৰা অভিযোগ অতি গুৰুতৰ আৰু স্পৰ্শকাতৰ যদিও এই সন্দৰ্ভত দেশৰ প্ৰতিৰক্ষা, বিদেশ আৰু গৃহ মন্ত্ৰণালয়ৰ বিশেষ তৎপৰতা এতিয়ালৈকে দেখা পোৱা নাই। অৱশ্যে অসম আৰক্ষীৰ এছ আই টিয়ে বিষয়টো তদন্ত অব্যাহত ৰাখিছে।
স্মৰ্তব্য, চলিত মাহৰ শেষৰ ফালে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্যকে ধৰি গুৰুত্বপূৰ্ণ অংশীদাৰ ৰাষ্ট্ৰসমূহলৈ ৭ টা সৰ্বদলীয় প্ৰতিনিধিৰ দল প্ৰেৰণৰ পৰিকল্পনা গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। শেহতীয়াকৈ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণক কেন্দ্ৰ কৰি ভাৰতীয় সেনাৰ অপাৰেচন সিন্দূৰ চলোৱাৰ পিছতে এই কূটনৈতিক সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰে। এই প্ৰতিনিধি দলে পাকিস্তানৰ ভূমিৰ পৰা সন্ত্ৰাসবাদ কিদৰে শিপাই পৰিছে আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপ অব্যাহত ৰাখিছে সেই সন্দৰ্ভত বিশ্ববাসীলৈ এক বাৰ্তা প্ৰেৰণ কৰিব।