২৮ জনীয়া বিদেশী পৰ্যটকক লৈ শিলঘাটত গংগা বিলাস...

২৮ জনীয়া বিদেশী পৰ্যটকক লৈ শিলঘাটত গংগা বিলাস...

কলিয়াবৰৰ শিলঘাটত ব্ৰহ্মপুত্ৰৰ বুকুৱেদি বৃহস্পতিবাৰে বিয়লি উপস্থিত হয়হি বিশ্বৰ সবাতোকৈ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাস ।

ডিজিটেল সংবাদ, কলিয়াবৰ: কলিয়াবৰৰ শিলঘাটত ব্ৰহ্মপুত্ৰৰ বুকুৱেদি বৃহস্পতিবাৰে বিয়লি উপস্থিত হয়হি বিশ্বৰ সবাতোকৈ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাস । ২৮ জনীয়া বিদেশী পৰ্যটকৰ দলটোক লৈ উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা যাত্ৰা আৰম্ভ কৰি বৃহস্পতিবাৰে বিয়লি শিলঘাটৰ জাহাজঘাটত উপস্থিত হোৱা এম ভি গংগা প্ৰমোদ তৰীখন আহি পোৱাৰ লগে লগে প্ৰশাসনৰ লগতে অঞ্চলটোৰ মানুহৰ মাজত উখল মাখল পৰিবেশৰ সৃষ্টি হয় ।

জানিব পৰা মতে, ভাৰত আৰু বাংলাদেশৰ ২৭খন নদী ব্যৱস্থাৰ মাজেৰে ৫১ দিনত প্ৰায় ৩,২০০ কিলোমিটাৰ যাত্ৰা কৰি বাংলাদেশ হৈ অসমৰ ডিব্ৰুগড়ত উপস্থিত হ’ব এই বিলাসী জাহাজ খন। আজি বিয়লি পৰ্যটকৰ দলটো কলিয়াবৰৰ ইতিহাস প্ৰসিদ্ধ শিলঘাটত উপস্থিত হোৱাত বড়ো আৰু ঝুমুৰ নৃত্য পৰিবেশন কৰি পৰ্যটক সকলক আপ্লুত কৰি তোলে ।

নগাঁও জিলা প্ৰশাসনৰ হৈ জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে পৰ্যটকৰ দলটোক ফুলাম গামোচাৰে আদৰণি জনায় । ইয়াৰ পাছতেই ভাৰত বৰ্ষৰ ভিতৰতে ৰাজহুৱা খণ্ডত প্ৰতিস্থিত একমাত্ৰ মৰাপাট উদ‍্যোগ অসম সমবায় মৰাপাট কল পৰিদৰ্শন কৰে । এই এম ভি গংগা বিলাসত ভ্ৰমণকাৰী সকলৰ বাবে আছে তিনিটা ডেক, ১৮টা ছুইট , য’ত সকলো বিলাসী সুবিধাৰ সৈতে পৰ্যটকে যাত্ৰা কৰাৰ ক্ষমতা আছে । ৬২ মিটাৰ দৈৰ্ঘ্যৰ আৰু ১৩ মিটাৰ বহল জাহাজখনত প্ৰথম যাত্ৰাত আছে ছুইজাৰলেণ্ড আৰু জাৰ্মানৰ ২৮ জন পৰ্যটক ।

বিশ্ব ঐতিহ্য ক্ষেত্ৰ, ৰাষ্ট্ৰীয় উদ্যান, নদী ঘাট, আৰু বিহাৰৰ পাটনা, ঝাৰখণ্ডৰ সাহিবগঞ্জ, পশ্চিম বংগৰ কলকাতা, বাংলাদেশৰ ঢাকা আৰু অসমৰ গুৱাহাটী আদি ডাঙৰ চহৰকে ধৰি ৫০টা পৰ্যটনস্থলী ভ্ৰমণৰ পৰিকল্পনাৰে ৫১ দিনীয়া ক্ৰুজ যাত্ৰাৰ পৰিকল্পনা আছে এই ভ্ৰমণসূছীত । এই যাত্ৰাত পৰ্যটকসকলে অভিজ্ঞতা ভিত্তিক যাত্ৰাত ভাৰত আৰু বাংলাদেশৰ কলা, সংস্কৃতি, ইতিহাস আৰু আধ্যাত্মিকতাৰ সৈতে একাত্ম হোৱাৰ সুযোগ লাভ কৰিব।

ৰিভাৰ ক্ৰুজ পৰ্যটন বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰচেষ্টাৰ সৈতে সংগতি ৰাখি এই সেৱা আৰম্ভ হোৱাৰ লগে লগে ৰিভাৰ ক্ৰুজৰ বিশাল অনাদৃত সম্ভাৱনা মুকলি হ’ব আৰু ই ভাৰতৰ বাবে ৰিভাৰ ক্ৰুজ পৰ্যটনৰ নতুন যুগৰ সূচনা কৰিব বুলি আশা কৰিব পাৰি ।

উল্লেখ্য যে, কলিয়াবৰৰ ১৮৪ বছৰীয়া ঐতিহাসিক শিলঘাটৰ জাহাজঘাটত লংগৰ পেলোৱা গংগা বিলাস ৰূপী বৃহৎ জাহাজ খন দৰ্শন কৰিবলৈ আজি মানুহৰ লানি নিচিগা সোঁত বোৱা পৰিলক্ষিত হৈছে। আজি নিশাটো শিলঘাটৰ জাহাজ ঘাটতে নৈশ যাপন কৰাৰ অন্তত পাছদিনা কাইলৈ ৰাতিপুৱা ছয় বজাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দিশে যাত্ৰা আৰম্ভ কৰিব।

পুৱা ৭-৩০ বজাত বাগৰি বনাঞ্চল আৰু এক বজাত কহঁৰা বনাঞ্চলৰ নৈসৰ্গিক শোভা উপভোগ কৰি জাহাজখনৰ পৰ্যটক সকলে বিয়লি প্ৰায় ৩-৩০ বজাত শিলঘাটৰ জাহাজঘাটত উপস্থিত হ'বহি। ইয়াতেই পৰ্যটক সকলে উপভোগ কৰিব বড়ো আৰু আদিবাসী সকলৰ নৃত্যকে ধৰি সাংস্কৃতিক বিভাগৰ অন্তৰ্গত সাংস্কৃতিক অনুষ্ঠান সমূহ। ইয়াৰ পাছতে পৰ্যটক সকলে নিশাটো জাহাজ খনতে কটাই পাছদিনা ২৫ ফেব্ৰুৱাৰীত পুৱা ৫ বজাত শিলঘাটৰ পৰা বিশ্বনাথ ঘাটলৈ যাত্ৰা আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে।

X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in