ডিজিটেল ডেস্কঃ মহানগৰীৰ পাৰ্শ্বৱৰ্তী বঙৰাত পুনৰ এক দলবব্ধ ধৰ্ষণৰ অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যে এই ঘটনা সংক্ৰান্তত আৰক্ষীক দিয়া গোচৰৰ ভিত্তিত ৪ জন অভিযুক্তক আটক কৰিছে আজাৰা আৰক্ষীয়ে।আটকাধীন যুৱক কেইজন বঙৰা পাচনীয়াপাৰাৰ ইনামূল হুছেইন, আব্দুল হানিফ, চৰিফুল আলি আৰু ইকৰাম হুছেইন।
অভিযোগ অনুসৰি এই চাৰি যুৱকে কিছুদিন পূৰ্বে বঙৰাত পৰিয়ালৰ সৈতে থকা ভাৰাঘৰৰ পৰা কোনো নথকাৰ সুযোগ লৈ ৱেগনাৰ গাড়ীৰে যুৱতীগৰাকীক উঠাই আনি কিছু দূৰৈত জংঘলত ধৰ্ষণ কৰি এৰি থৈ যায় । পিছত যুৱতীগৰাকীক অচেতন অৱস্থাত আত্মীয়ই জালুকবাৰীত উদ্ধাৰ কৰে বুলি জানিবলৈ দিয়ে।
ইয়াৰ পিছতে যুৱতীগৰাকীয়ে সুস্থ হৈ ঘৰৰ লোকক ঘটনা সন্দৰ্ভত বিৱৰি কয়। তাৰ পিছত পৰিয়ালৰ লোকে আজাৰা থানাত এজাহাৰৰ দাখিল কৰে। পৰিয়ালৰ এজাহাৰৰ ভিত্তিতেই এই চাৰি যুৱক এতিয়া ৰঙাঘৰৰ আলহী হল। আৰক্ষীয়ে ৬১৬/২১ নম্বৰৰ গোচৰৰ ভিত্তিত ৩৬৬/৩৭৬/৩৪ ধাৰাৰ আধীনত আটকাধীন ৪ জনকে আদালতলৈ প্ৰেৰণ কৰে।