মিচিং আধুনিক গীতৰজনক শিল্পী গজেন নৰহ অসুস্থ,বিনামূল্যে চিকিৎসাৰ প্ৰতিশ্ৰুতি ডাঃ হেমহৰি পেগুৰ

মিচিং আধুনিক গীতৰ জনক শ্ৰদ্ধাৰ গজেন নৰহ আজি চৰকাৰৰ দ্বাৰা উপেক্ষিত। গজেন নৰহে সংগীতৰ মাধ্যেমেৰে অসম আৰু অৰুণাচলৰ সাংস্কৃতিক এনাজৰী শক্তিশালী কৰি গৈছে ।

author-image
Asomiya Pratidin
New Update
মিচিং আধুনিক গীতৰজনক শিল্পী গজেন নৰহ অসুস্থ,বিনামূল্যে চিকিৎসাৰ প্ৰতিশ্ৰুতি ডাঃ হেমহৰি পেগুৰ

ডিজিটেল ডেস্কঃ মিচিং আধুনিক গীতৰ জনক শ্ৰদ্ধাৰ গজেন নৰহ আজি চৰকাৰৰ দ্বাৰা উপেক্ষিত। গজেন নৰহে সংগীতৰ মাধ্যেমেৰে অসম আৰু অৰুণাচলৰ সাংস্কৃতিক এনাজৰী শক্তিশালী কৰি গৈছে । একালত পাহাৰ ভৈয়াম খলকনি তোলা গজেন নৰহৰ " আ'চিন আগম দে'ম" শীৰ্ষক গীতটো অসম- অৰুনাচল প্ৰদশৰ শ্ৰুতাৰ মাজত আজিও সমানেই জনপ্ৰিয়। অনাতাঁৰৰ লগতে শ্ৰব্য কেছেটযোগে মাটিৰ গোন্ধ বিজড়িত অনেক জনপ্ৰিয় গীত উপহাৰ দি গৈছে প্ৰচাৰ বিমুখ শিল্পীজনে।

Advertisment

১৯৫৫ চনত শদিয়াৰ গড়চলা গাঁৱত জন্মগ্ৰহণ কৰা এইজন মহান শিল্পীয়ে মাত্ৰ ১৩ বছৰ বয়সৰ পৰাই ঐঃনিতম গাই বহুলভাৱে চৰ্চিত হৈছিল। দুখৰ বিষয় যে জনগোষ্ঠীয় অনাতাঁৰ শিল্পী হিচাপে ৰাইজৰ দ্বাৰা সমাদৃত এইজন শিল্পী চৰকাৰৰ দ্বাৰা অৱহেলিত আৰু অনাদৃত। বহু যোগাযোগৰ পিছতো আজি পৰ্যন্ত তেওঁ‌ লাভ নকৰিলে শিল্পী পেঞ্চনৰ লগতে অন্যান্যসা সুবিধা।

তদুপৰি মিচিং আৰু অৰুনাচলীৰ 'আদি' ভাষাত বহু চিৰসেউজ গীত শ্ৰষ্ঠা এইজন শিল্পী কিছুদিনৰ পৰা ৰোগাক্ৰান্ত হৈ আছে। আৰ্থিক অনাটনৰ বাবে অসুস্থ হৈ ঘৰতে শয্যাগত হৈ থাকিব লগীয়া হৈছে।

লক্ষনীয় যে কংগ্ৰেছ দলৰ উত্তৰ পূৰ্বাঞ্চল সমন্বয় ৰক্ষী সমিতিৰ সাধাৰণ সম্পাদক তথা বিশিষ্ট চিকিৎসক ডাঃ হেমহৰি প্ৰসন্ন পেগুৰ নেতৃত্বত অলপতে কংগ্ৰেছ কৰ্মীৰ দলে শদিয়াত শিল্পীজনৰ ঘৰলৈ গৈ সাক্ষাত কৰি স্বাস্থ্যৰ বুজ লয়। বৰেণ্য শিল্পী জনী সম্বৰ্ধনা জনায়। মানব দৰদী বিশিষ্ট সমাজ সেৱক তথা চিকিৎসক ডাঃ হেৰহৰি প্ৰসন্ন পেগুৱে বিনামূল্যে চিকিৎসা প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে। চিকিৎসক জনৰ এই বদান্যতাত ৰাইজে শলাগ লৈছে।

Also Read: চোৰৰ সন্দেহত মৰিয়াই মৰিয়াই হত্যা এজনক, আটক ৬