শিশু দিৱস উপলক্ষে প্ৰাচীৰ পত্ৰিকা "গজালি" উন্মোচন

শিশু দিৱস উপলক্ষে প্ৰাচীৰ পত্ৰিকা "গজালি" উন্মোচন

author-image
Asomiya Pratidin
New Update
শিশু দিৱস উপলক্ষে প্ৰাচীৰ পত্ৰিকা "গজালি" উন্মোচন

ডিজিটেল সংবাদ , ঢকুৱাখনা: ভাৰতবৰ্ষৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পবিত্ৰ জন্ম তিথি শিশু দিৱস' মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে ঢকুৱাখনাৰ বিভিন্ন শিক্ষানুষ্ঠানত উদযাপন কৰা হয়। ঢকুৱাখনা শিক্ষা খণ্ডৰ অন্তৰ্গত ৩১নং কপহুৱা প্ৰাথমিক বিদ্যালয়ত এই শিশু দিৱস উপলক্ষত এখন হাতে লিখা প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয় ।

Advertisment

বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ লেখনিৰে সমৃদ্ধ ভাস্কৰ দাসৰ সম্পাদনাত প্ৰকাশিত "গজালি" নামৰ প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰে ঢকুৱাখনা সমগ্ৰ শিক্ষাৰ সমল ব্যক্তি নিৰঞ্জন পেগুয়ে । বিদ্যালয়ৰ প্ৰধান শিক্ষক সেৱিকা শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত এই উন্মোচনী অনুষ্ঠানত সহকাৰী শিক্ষক দিব্যজ্যোতি নেওগ ,বীণা দত্ত, ভাস্কৰ দাস, অৱসৰ প্ৰাপ্ত শিক্ষক কুল নাথ বৰুৱা ,নিৰুমাই দত্ত, বিনু বৰা ,টংকেশ্বৰী দাস , সংহত শিশু উন্নয়ন প্ৰকল্পৰ মুখ্য সেৱিকা সবিতা কাৰ্ডঙৰ লগতে বিদ্যালয় পৰিচালনা সমিতি, অংগনৱাদী কৰ্মী আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে । তাৰোপৰি দিৱসৰ সতে সংগতি ৰাখি বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।

Also Read: চিকিৎসালয়ৰ সন্মুখত ইজৰাইলী টেংকাৰ: চিকিৎসা, খাদ্যৰ অভাৱত মৃত্যু মুখত পৰিছে বহু ৰোগী