আজিৰে পৰা চেন্নাইত দবা অলিম্পিয়াডঃঅসমৰ অৰুণ সিং আৰু মণিমালা সিনহা বিচাৰক…

আজিৰে পৰা চেন্নাইত দবা অলিম্পিয়াডঃঅসমৰ অৰুণ সিং আৰু মণিমালা সিনহা বিচাৰক…

author-image
asomiyapratidin
New Update
আজিৰে পৰা চেন্নাইত দবা অলিম্পিয়াডঃঅসমৰ অৰুণ সিং আৰু মণিমালা সিনহা বিচাৰক…

ডিজিটেল সংবাদ কাজিৰঙাঃ কাইলৈৰ পৰা চেন্নাইত আৰম্ভ হ'বলগীয়া দবা অলিম্পিয়াডত অংশগ্ৰহণ কৰিছে অসমৰ দুগৰাকীকৈ আৰবিটাৰে৷ সদৌ অসম দবা সন্থাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত অৰুণ সিং আৰু মণিমালা সিনহাই এই আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাত আৰবিটাৰ হিচাপে যোগদান কৰাৰ সুযোগ লাভ কৰিছে৷

Advertisment

উল্লেখ্য যে ২০১৭ বৰ্ষত ফিডে আৰবিটাৰ হিচাপে স্বীকৃতি লাভ কৰা অৰুণ সিং আন্তঃৰাষ্ট্ৰীয় আৰবিটাৰ হিচাপে ২০২২ বৰ্ষত স্বীকৃতি লাভ কৰে৷ ইতিমধ্যে কে আই আই টি ইণ্টাৰনেচনেল গ্ৰেণ্ডমাচটাৰচ্, দিল্লী ইণ্টাৰনেচনেল, গুৱাহাটী ইণ্টাৰনেচনেল, ৱেষ্টাৰ্ণ এছিয়া য়ুউথ এণ্ড জুনিয়ৰ চেচ চেম্পিয়নশ্বিপ, ১৭ আৰু ২৫ বছৰৰ অনুৰ্ধ ৰাষ্ট্ৰীয় দবা আদি বিভিন্ন দবা প্ৰতিযোগিতাত আৰবিটাৰ অৰ্থাৎ বিচাৰক হিচাপে আমন্ত্ৰণ লাভ কৰিছিল অৰুণ সিঙে৷

সমান্তৰালভাৱে মণিমালা সিনহায়েও বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত বিচাৰক হিচাপে আমন্ত্ৰিত হৈ আহিছে৷ এই দুই আৰবিটাৰক আজিৰে পৰা চেন্নাইৰ মহাবলীপুৰমত অনুষ্ঠিত ৪৪ সংখ্যক দবা অলিম্পিয়াডত বিচাৰকৰ বাবে আমন্ত্ৰণ জনাইছে৷ অহা ১০ আগষ্ট পৰ্যন্ত চলিবলগীয়া বিশ্বৰ সৰ্ববৃহৎ দবা প্ৰতিযোগিতাখনিত ১৮৭ খন দেশে অংশগ্ৰহণ কৰিছে ইপিনে, স্বাভাৱিকতে অসমৰ দুই দবা বিচাৰকৰ আমন্ত্ৰণক লৈ সদৌ অসম দবা সন্থা উৎফুল্লিত হৈ পৰিছে৷

সন্থাৰ ৰাজ্যিক সভাপতি কন্দৰ্প কলিতা, সম্পাদক ৰাজীৱ ধৰৰ লগতে গোলাঘাট জিলা দবা সন্থাৰ সভাপতি দায়েৰী প্ৰসাদ উপাধ্যায় আৰু সম্পাদক পল্লৱ গোহাঁয়ে কয় যে বিশ্ব দবা প্ৰতিযোগিতাত অসমৰ পৰা দুগৰাকীকৈ আৰবিটাৰক আমন্ত্ৰণ জনোৱাটো অসমবাসীৰ বাবেই গৌৰৱৰ বিষয়৷ অসমৰ দবা খেলুৱৈ আৰু সন্থাৰ হৈ দুয়োকে অভিনন্দন জনাইছে সদৌ অসম দবা সন্থাই৷