/asomiyapratidin/media/media_files/2025/11/15/ap-web-zubeen-2025-11-15-17-13-32.jpg)
ডিজিটেল ডেস্ক: অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৫৩সংখ্যক জন্মদিন সমাগত। ১৮ নবেম্বৰত জুবিনবিহীন প্ৰথমটো জন্মদিন উদযাপনৰ বাবে চৰকাৰকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে ভিন্ন প্ৰান্তত ভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। জুবিন গাৰ্গৰ বন্ধুবৰ্গইও তেওঁৰ জন্মদিনটো ব্যতিক্ৰমীভাৱে পালনৰ যো-জা কৰিছে।
সেঁৱা আগবঢ়াব বৃদ্ধাশ্ৰমত
এই উপলক্ষে শিল্পীজনৰ বন্ধুবৰ্গই সেইদিনা এখন বৃদ্ধাশ্ৰমত দুপৰীৰাৰ আহাৰৰ যোগান ধৰিব। বিয়লি ৩বজাৰ পৰা ৯বজালৈ গীতানগৰ হাইস্কুল খেলপথাৰত'পোহৰৰে চাকি' শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হ’ব। ডালিমী পাটোৱাৰীৰ মহিলা দলৰ নাগৰা নামেৰে আৰম্ভ হ’ব সন্ধিয়াৰ অনুষ্ঠান। বিশিষ্ট শিল্পী জে পি দাস, মনিষা হাজৰিকা, নমিতা ভট্টাচাৰ্য্য আৰু মঞ্জুলা বৰুৱাই বন্তি প্ৰজ্বলন কৰি জুবিন গাৰ্গৰ জন্মদিনৰ গীত-মাতৰ অনুষ্ঠানৰ মঞ্চ মুকলি কৰিব।
এই অনুষ্ঠানত দিগন্ত ভাৰতী, শ্বাস্বতী ফুকন, জয় বৰুৱা, ৰূপম ভূঞাঁ, দিক্ষু, ৰাকেশ ৰিয়ান, বৰ্নালী কলিতা, নিৰ্মালী দাস, নিলোৎপল বৰা, আচুৰ্য বৰপাত্ৰ, মন্টুমনি শইকীয়া, ভাস্বতী ভাৰতী, গীতালী দেবী, দীপলিনা ডেকা আদিকে ধৰি কুৰিৰো অধিক শিল্পীয়ে জুবিন গাৰ্গৰ গীত পৰিবেশন কৰিব। সূৰ্য গগৈৰ পৰিচালনাত অনুষ্ঠিত হ'ব এক বিশেষ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান। তদুপৰি, পংকজ ইংতিৰ পৰিচালনাত জুবিন গাৰ্গৰ গীতৰ আধাৰত বহুকেইগৰাকী শিল্পীয়ে নৃত্য পৰিবেশন কৰিব।'পোহৰৰে চাকি'ত অসমৰ সাংস্কৃতিক-সাহিত্যিক-সামাজিক তথা সংবাদ জগতৰ বহু পুৰোধা ব্যক্তিয়েও অংশ গ্ৰহণ কৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us