ডিজিটেল সংবাদ,নগাঁও : সাত নৱেম্বৰত অসম জাতীয় পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰিব চামগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক, নগাঁও জিলা অগপৰ প্ৰাক্তন সভাপতি অতুল কুমাৰ শৰ্মাই।অসম জাতীয় পৰিষদৰ এক সূত্ৰৰ পৰা এই কথা জানিব পৰা গৈছে।
স্মৰ্তব্য যে,অহা সাত নৱেম্বৰত নগাঁও চহৰৰ খগেন মহন্ত প্ৰেক্ষাগৃহত অসম জাতীয় পৰিষদৰ এখন সভা অনুষ্ঠিত হ'ব।দলটোৰ একাধিক নেতা উপস্থিত থাকিব লগীয়া এই সভা খনতেই অগপৰ প্ৰাক্তন বিধায়ক শৰ্মাই আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত যোগদান কৰিব।
ইপিনে,অসম জাতীয় পৰিষদৰ মুখ্য সমন্বয়ক জগদীশ ভূঞাই আজি বিয়লি প্ৰাক্তন বিধায়ক অতুল শৰ্মাৰ বাসগৃহত উপস্থিত হৈ বহু পৰ তেওঁৰ সৈতে আলোচনাত মিলিত হয়।