/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/11/prafulla-kumar-mahanta.jpg)
ডিজিটেল সংবাদ,চামগুৰি : দীৰ্ঘ দিনীয়া শাৰিৰীক অসুস্থাৰ পাছত বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত চলচলি ৰামটিলা আটিত উপস্থিত হয় অসমৰ প্ৰাক্তন মূখ্যমন্ত্ৰী তথা বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্ত। সমষ্টিৰ বিভিন্ন কাৰ্য্যাসূচী হাতত লৈ দীৰ্ঘ দিন অসুস্থতাৰ অন্তত চলচলি ৰামটিলা আটিৰ পৰা বালিজুৰি সংযোগ হোৱা পথৰ আধাৰ শিলা স্থাপন কৰে বিধায়ক গৰাকীয়ে।
আধাৰ শিলা অনুস্থানৰ অন্তত সাংবাদিকৰ সন্মুখত মিঞা মিউজিয়ামৰ প্ৰসংগত বিধায়ক গৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। মিঞা মিউজিয়াম সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কয় মিউজিয়াম বনালে তাতেই সীমাবদ্ধ হৈ নাথাকে সংস্কৃতি, তাৰ পৰিবৰ্ধন ক্ৰমবিকাশ ঘটিব লাগিব, এই সিদ্ধান্তটো সময়োপযোগী হৈছেনে নাই সেই কথা সদনৰ কমিটিয়ে সিদ্ধান্ত ল'ব ।
অগপৰ চৈধ্যটা সমষ্টিৰ প্ৰাৰ্থীৰ প্ৰসংগত দলৰ শীৰ্ষ কৰ্মীয়ে সিদ্ধান্ত লব বুলি মত প্ৰকাশ কৰে মহন্তই। বিধায়ক গৰাকীৰ ক্ষেত্ৰত ২০২১ ৰ নিৰ্বাচনত বঢ়মপুৰ সমষ্টিত ৰাইজে সিদ্ধান্ত লব বুলি জানিব দিয়ে। লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰে।