বিটিচি প্ৰশাসনৰ উদ্যোগত আন্তঃ ষষ্ঠ অনুসূচীত পৰিষদ ফুটবল প্ৰিমিয়াৰ লীগ -২০২২

আন্তঃ ষষ্ঠ অনুসূচীত পৰিষদ ফুটবল প্ৰিমিয়াৰ লীগ -২০২২

author-image
Asomiya Pratidin
New Update
বিটিচি প্ৰশাসনৰ উদ্যোগত  আন্তঃ ষষ্ঠ অনুসূচীত পৰিষদ ফুটবল প্ৰিমিয়াৰ লীগ -২০২২

football premier league

ডিজিটেল সংবাদ, চিৰাং : বিটিচি প্ৰশাসনৰ উদ্যোগত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলৈ গৈ আছে আন্তঃ ষষ্ঠ অনুসূচীত পৰিষদ ফুটবল প্ৰিমিয়াৰ লীগ -২০২২। উত্তৰ পূৰ্বাঞ্চল ৰাজ্য সমূহৰ মিজোৰামৰ মাৰা শায়ত্ব শাসিত জিলা পৰিষদ, লাই শায়ত্ব শাসিত জিলা পৰিষদ, চাকমা শায়ত্ব শাসিত পৰিষদ, ত্ৰিপুৰাৰ ত্ৰিপুৰা জনজাতি শায়ত্ব শাসিত জিলা পৰিষদ, মেঘালয়ৰ খাছি পাৰ্বত্য শায়ত্ব শাসিত জিলা পৰিষদ, গাৰো পাৰ্বত্য শায়ত্ব শাসিত জিলা পৰিষদ, জয়ন্তীয়া পাৰ্বত্য শায়ত্ব শাসিত জিলা পৰিষদ আৰু অসমৰ ডিমা হাছাও শায়ত্ব শাসিত পৰিষদ, কাৰ্বি আংলং শায়ত্ব শাসিত পৰিষদ আৰু বড়োলেণ্ড শায়ত্ব শাসিত পৰিষদ আদি কৰি মুঠ দহটা ষষ্ঠ অনুসূচীত শায়ত্ব শাসিত পৰিষদৰ ফুটবল দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ।

Advertisment

অহা ৯ অক্টোবৰ তাৰিখে ওদালগুৰি জিলাৰ ডিমাকুছিত এই প্ৰথম সংখ্যক আন্তঃ ষষ্ঠ অনুসূচীত শায়ত্ব শাসিত পৰিষদ ফুটবল প্ৰিমিয়াৰ লীগ -২০২২ ৰ বিটিআৰ উদ্ধোধনী খেল অনুষ্ঠিত হ'ব । ৯ অক্টোবৰৰ পৰা ২৩ অক্টোবৰ লৈকে অনুষ্ঠিত এই ফুটবল প্ৰতিযোগীতাৰ লীগ খেল সমূহ বিটিআৰ ৰ কোকৰাঝাৰ, চিৰাং আৰু বাক্সা জিলাতো চাৰিওখন জিলাত অনুষ্ঠিত হব তাৰে চুৰান্ত খেলখন অনুষ্ঠিত হব কোকৰাঝাৰ জিলাৰ দক্ষিণ এচিয়া ক্ৰীড়া ষ্টেডিয়ামত ।

বৃহস্পতিবাৰ চিৰাং জিলাৰ কাজলগাঁৱত উদাংশ্ৰী নি আলাৰী প্ৰেমসিং ব্ৰহ্ম স্পৰ্টছ কমপ্লেক্স ত বড়োলেণ্ড এফচি দলৰ ফুটবল অনুশীলন শিৱিৰত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এই তথ্য সদৰি কৰে বিটিচিৰ ক্ৰীড়া সচিব নৰেন চন্দ্ৰ বসুমতাৰীয়ে ।

উক্ত অনুশীলন শিৱিৰ পৰিদৰ্শন কৰি অসম ফুটবল সন্থা সচিব হেমেন্দ্ৰ নাথ ব্ৰহ্মই কয় যে এই ফুটবল প্ৰতিযোগীতাৰ জৰিয়তে আচলতে ষষ্ঠ অনুসূচীত শায়ত্ব শাসিত পৰিষদৰ সমূহৰ মাজত এটা সমন্বয় গঢ়ি তোলাৰ প্ৰয়াস কৰাৰ চেষ্টা কৰা হৈছে । এনে ধৰনৰ প্ৰতিযোগীতাৰ জৰিয়তে উঠি অহা ফুটবল খেলুৱৈ সকলক এটা ভাল মঞ্চৰ দিয়া হৈছে ।

এই ফুটবল প্ৰতিযোগিতা খনত যদি ভাল খেলে তেনেহলে ইয়াৰ পৰাই ভবিষ্যতে এটা ভাল দল গঢ় লৈ উঠিব আৰু ভাল খেলুৱৈৰ সৃষ্টি হব বুলি আশা প্ৰকাশ কৰে ।প্ৰথমবাৰৰ বাবে আন্তঃ ষষ্ঠ অনুসূচীত শায়ত্ব শাসিত পৰিষদ ফুটবল প্ৰিমিয়াৰ লীগ আয়োজন কৰাৰ বাবে বিটিচি প্ৰধান প্ৰমোদ বড়োক হেমেন্দ্ৰ নাথ ব্ৰহ্মই ধন্যবাদ জ্ঞাপন কৰে । বৃহস্পতিবাৰ চিৰাঙৰ কাজলগাঁৱত চলিথকা ফুটবল অনুশীলন শিৱিৰত প্ৰমোদ বড়োৰ অএচডি ডঃ ছাংগ্ৰাং ব্ৰহ্ম, বিটিচিৰ ক্ৰীড়া বিভাগৰ মুৰব্বী বিষয়া, চাৰিওখন জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়া সকল উপস্থিত থাকে ।

assam