/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
ডিজিটেল সংবাদ, চৰাইদেউ: চৰাইদেউত সোণাৰিত বনৰীয়া কাঠফুলা খাই অসুস্থ সাতজনকৈ লোক। সোণাৰিৰ দুই নং লালতিপথাৰ অঞ্চলৰ এই সাতগৰাকী লোক।
হাবিৰ পৰা বুটলি অনা বিষাক্ত বনৰীয়া কাঠফুলা খোৱাৰ পাছতে নিশালৈ অসুস্থ হৈ পৰে লোক কেইজন। অসুস্থ হৈ পৰা লোক কেইজনক নিশাই ৰজাপুখুৰীস্থিত চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ইতিমধ্যে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।
অসুস্থ লোক কেইজন ক্ৰমে অজয় কৰ্মকাৰ, ৰিমা কৰ্মকাৰ, চানক্য কৰ্মকাৰ, জোনাকী প্ৰজা, চম্পা কৰ্মকাৰ, সৰুমাই কৰ্মকাৰ আৰু ৰীতা কেওঁট।
অন্য খবৰ পঢ়ক:হাটশিঙিমাৰী প্ৰিমীয়াম লীগ সিজন-১ ৰ চূড়ান্ত খেল…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us