পলকতে চাওক কেইখনমান জিলাৰ শেহতীয়া ফলাফল…UPDATES

  • গোৱালপাৰা জিলাৰ বালিজানা গাঁও পঞ্চায়তৰ ১০নং ৱাৰ্ডত কংগ্ৰেছ প্ৰাৰ্থী মণিকা মাৰাক জয়ী৷
  • ৪নং টোকৰাপাৰা ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী জোৎস্না নাথ৷
  • ৯নং ৰখাপাৰাত বিজেপিৰ প্ৰাৰ্থী চবিন চন্দ্ৰ ৰাভা জয়ী৷
  • কমলপুৰ সমষ্টিৰ বৰডেকপাৰ গাঁও পঞ্চায়তৰ ৫নং ৱাৰ্ডৰ সদস্য পদত বিজেপি প্ৰাৰ্থী কুশল দাস জয়ী।
  • গুইয়া গাঁও পঞ্চায়তৰ ২নং ৱাৰ্ডত জয়ী অগপ প্ৰাৰ্থী বাসন্তী দেৱী।
  • ৫নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী আনন্দী দাস।
  • আনহাতে, হাজো সমষ্টিৰ বাৰাংহাটী গাঁও পঞ্চায়তৰ ৬নং ৱাৰ্ডত জয়ী নিৰ্দলীয় প্ৰাৰ্থী মৃদুল আলী।
  • ৬২নং ক্ষেত্ৰী গাঁও পঞ্চায়তৰ ২নং হেলাগোগ সমষ্টিৰ পৰা গাঁও পঞ্চায়তৰ সদস্য হিচাপে অগপৰ দিপিকা মেধিৰ জয়লাভ।
  • ৯নং শলনা সমষ্টিৰ পৰা গাঁও পঞ্চায়তৰ সদস্য হিচাপে জয়লাভ বিজেপিৰ শিল্পী দাসৰ।
  • চতিয়া সমষ্টিৰ অন্তৰ্গত লখৰা গাঁও পঞ্চায়তৰ সভাপতি পদত বিজেপি প্ৰাৰ্থী দেৱীবালা ৰায় বড়ো ২৭৭০ ভোটত জয়ী৷
  • জাগীৰোডৰ কুৰাণীবৰী গাঁও পঞ্চায়তৰ সভাপতি পদত কংগ্ৰেছ প্ৰাৰ্থী মলয় কুমাৰ ৰয় জয়ী।
  • বৰপেটাৰ হৰিপুৰ গাঁও পঞ্চায়তৰ সদস্য পদত বিজেপিৰ এগৰাকী আৰু অগপৰ চাৰিগৰাকী প্ৰাৰ্থীৰ জয়লাভ।
  • সুন্দৰীদিয়া পঞ্চায়তত বিজেপিৰ দখলত চাৰিটা আৰু অগপৰ দখলত ৬টা ৱাৰ্ড।
  • আনহাতে, ভাতকুছি পঞ্চায়তৰ সদস্য পদত জয়ী হৈছে কংগ্ৰেছৰ ৩গৰাকী প্ৰাৰ্থী।
  • উত্তৰ পাকা পঞ্চায়তত বিজেপিৰ দখলত দুটা, অগপৰ দখলত এটা আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ দখলত এটা ৱাৰ্ড।
  • যমুনামুখ সমষ্টিৰ যমুনামুখ গাঁও পঞ্চায়তৰ সভাপতি পদত বিজেপি প্ৰাৰ্থী নীলিমা চৌধৰীৰ জয়লাভ৷
  • আঞ্চলিক সদস্য পদত জয়ী বিজেপিৰ মুকুতা বৰা।
  • আনহাতে, বুৰুংগা গাঁও পঞ্চায়তত দহটা ৱাৰ্ডেই কংগ্ৰেছৰ দখলত৷
  • কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থী ৰুহুল ইছলাম আৰু কাউন্সিলাৰ পদৰ প্ৰাৰ্থী আৰিনা বেগমৰ জয়লাভ।
  • বঙাইগাঁও জিলাৰ মাণিকপুৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদত কংগ্ৰেছৰ অঞ্জিলা বেগম জয়ী৷
  • ডাংতল আঞ্চলিক পঞ্চায়তৰ সদস্য পদত অগপৰ কৃষ্ণা চৌধুৰীৰ জয়লাভ।
  • নাজিৰাৰ শিমলুগুৰি পঞ্চায়তত এইপৰ্যন্ত ঘোষিত ৱাৰ্ড সদস্য পদৰ ফলাফল –
  • বিজেপি – ২
    কংগ্ৰেছ – ৭
    নিৰ্দলীয়- ১
  • পঞ্চায়ত : জয়মতী
    বিজেপি – ২
    কংগ্ৰেছ – ৬
    চি পি আই – ১
    নিৰ্দলীয় – ১
  • পঞ্চায়ত : বৰফুকন
    বিজেপি – ৫
    কংগ্ৰেছ – ৫
  • পঞ্চায়ত : গেলেকী
    বিজেপি – ১০
  • পঞ্চায়ত : চুকাফা
    বিজেপি – ৬
    কংগ্ৰেছ – ৪

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in