কোকৰাঝাৰৰ গোসাইগাঁৱত ৰাজধানী এক্সপ্ৰেছত জুই, যাত্ৰীৰ হাহাকাৰ, VIDEO

কোকৰাঝাৰৰ গোসাইগাঁৱত ৰাজধানী এক্সপ্ৰেছত জুই, যাত্ৰীৰ হাহাকাৰ, VIDEO

author-image
asomiyapratidin
New Update
বাংলাদেশৰ ৩২ সীমান্তৱৰ্তী জিলাত বন্ধ কৰি দিয়া হৈছে ম’বাইল সেৱা…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও হাট ৰে'ল ষ্টেচনত মঙলবাৰে বিয়লি উজনীমুৱা ৰাজধানী এক্সপ্ৰেছ ৰে'লগাড়ীত অগ্নিকাণ্ডৰ ঘটনাই যাত্ৰীসকলৰ মাজত ব্যাপক আতংকৰ সৃষ্টি কৰে। অৱশ্যে অগ্নিকাণ্ডৰ ফলত কোনো ক্ষয়ক্ষতিৰ ঘটনা হোৱা নাই যদিও এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি হয়।

Advertisment

প্ৰাপ্ত বাতৰি অনুসৰি দিল্লীৰ পৰা ডিব্ৰুগড় অভিমুখী ১২৪২৩ নম্বৰৰ উজনিমুৱা ৰাজধানী এক্সপ্ৰেছ ৰে'ল গাড়ীখন মঙলবাৰে বিয়লি ৪:৩০ মান বজাত গোসাইগাঁও ৰেল ষ্টেচন পাৰ হোৱাৰ সময়তে ষ্টেচন মাষ্টাৰ আৰু পইণ্টচ মেনে ৰঙা পতাকা দেখুৱাই গাড়ী ৰখাবলৈ নিৰ্দেশ দিয়ে৷ সেইমতে চালকে তীব্ৰবেগী ৰে'ল গাড়ীখন প্লেটফৰ্ম পাৰ হোৱাৰ পিছতহে কিছু দুৰত ৰখাবলৈ সক্ষম হয়।

ৰে'লগাড়ীখন ৰখোৱাৰ পিছত ৰে'ল আৰক্ষী তথা ষ্টেচন মাষ্টাৰে ৰে'ল গাড়ীখনৰ বি ৭ এচি থ্ৰি টায়াৰৰ ১৭৩৯২০/চি নম্বৰৰ কোচৰ চকাত জুইৰ সুত্ৰপাত হোৱা প্ৰত্যক্ষ কৰি ৰে'ল আৰক্ষী তথা কৰ্তব্যৰত কৰ্মচাৰী সকলে জুই নিৰ্বাপন সামগ্ৰীৰে জুই নুমাবলৈ সক্ষম হয়।

ৰাজধানী এক্সপ্ৰেছত জুই লগা বুলি প্ৰচাৰ হোৱাৰ পিছতে যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয় যদিও জুই নিৰ্বাপন হোৱাত স্বস্তিৰ নিশ্বাস পেলায়। প্ৰায় আধাঘণ্টামানৰ পিছত অৰ্থাৎ বিয়লি ৫ঃ১০ মান বজাত ৰাজধানী এক্সপ্ৰেছে পুণৰাই গন্তব্য স্থান অভিমুখে যাত্ৰা কৰে।