/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/mn.jpg)
ডিজিটেল সংবাদ,মানকাচৰ: দুদিন পূৰ্বে মানকাচৰৰ তেলিপাৰাত এখন ৩.৬৬ কোটি টকীয়া পথ নিৰ্মানত দুৰ্নীতিৰ অভিযোগ তুলিছিল গাঁৱবাসীয়ে।
চি চি ব্লকৰ পথ নিৰ্মাণৰ বাবে জি এছ বি আৰু পৰ্যপ্ত শিল নিদিয়াৰ অভিযোগ তুলি গাঁৱবাসীয়ে কেমেৰাৰ সম্মুখত উদঙাই দিছিল দুৰ্নীতি।
একাংশ সংবাদমাধ্যমত ঠিকাদাৰৰ দুৰ্নীতিৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতেই বিভাগীয় ঠিকাদাৰ অমিনুৰ ৰহমানৰ ব্যক্তিগত অভিযন্তা এজনে গাঁৱবাসীৰ বিৰুদ্ধে কামত বাধা দিয়াৰ অভিযোগ তুলি মানকাচৰ থানাত এজাহাৰ দাখিল কৰে।
এই এজাহাৰৰ পাছতেই গাঁৱবাসী জাঙুৰ খাই উঠিছে। মঙলবাৰে গাঁৱবাসীয়ে পুনৰ পথৰ ওপৰত একত্ৰিত হৈ দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ কৰি দুৰ্নীতি বন্ধ কৰি সঠিক ভাবে কাম কৰাৰ দাবী জনায়।প্ৰতিবাদকাৰী ৰাইজৰ দাবী, দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিবলৈ গৈ বিপদ পৰিছে গাঁৱবাসী।
উল্লেখযোগ্য যে প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত হাটশিঙিমাৰী-মানকাচৰ পথৰ পৰা তেলিপাৰাৰ উৰামাৰী গাঁৱলৈ প্ৰায় ডেৰ কিলোমিটাৰ পথ, দলং আৰু কালভাৰ্ট নিৰ্মাণৰ বাবে ৩.৬৬ কোটি টকীয়া কামৰ দায়িত্ব দিয়ে গুৱাহাটীৰ মটৰীয়াৰ বাসিন্ধা অমিনুৰ ৰহমান নামৰ বিভাগীয় ঠিকাদাৰ জনক ।
৩.৬৬ কোটি টকীয়া এই কামৰ বাবে ঠিকাদাৰ জনে চৰম দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ মতে চি চি ব্লকৰ ডেৰ কিলোমিটাৰ পথ নিৰ্মাণৰ ক্ষেত্ৰত মাত্ৰ ডেৰ ইঞ্চি জি এছ বি আৰু শিল দি ওপৰত চি চি ব্লক বহুৱাইছে। ফলত কাম সম্পূৰ্ণ কৰাৰ আগতেই ঠায়ে ঠায়ে পথটো বেয়া হৈ যাবলৈ ধৰিছে।
দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা গাঁৱবাসীৰ বিৰুদ্ধে দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰৰ ব্যক্তিগত অভিযন্তাৰ এজাহাৰ