শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্যৰ বিৰুদ্ধে এজাহাৰ দাখিল

ক্ষোভত জাঙোৰ খাই উঠে জুবিন গাৰ্গৰ অনুৰাগী সকল। শনিবাৰে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য্য জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে জুবিন অনৰাগীয়ে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,বিশ্বনাথঃ  বিশ্বনাথ চাৰিআলিস্থিত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য প্ৰফুল্ল ভৰালীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে জুবিন গাৰ্গৰ অনুৰাগীয়ে। জানিব পৰা মতে, শিল্পী গৰাকীৰ মৃত্যু সন্দৰ্ভত যোৱা নিশা নিজ সামাজিক মাধ্যম ফেছবুকত আপত্তিজনক মন্তব্য কৰিছিল প্ৰফুল্ল ভৰালীয়ে।

এই ঘটনাৰ পাছতে ক্ষোভত জাঙোৰ খাই উঠে জুবিন গাৰ্গৰ অনুৰাগী সকল। শনিবাৰে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত প্ৰধান আচাৰ্য্য জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে জুবিন অনৰাগীয়ে। অৱশ্যে আচাৰ্য্য গৰাকীয়ে পৰৱৰ্তী সময়ত নিজৰ সামাজিক মাধ্যমৰ পৰা সেই পোষ্ট আঁতৰাই দিয়ে।

জুবিন গাৰ্গ