প্ৰতীক হাজেলাৰ বিৰুদ্ধে নিজাববীয়াকৈ ৰাজ্য চৰকাৰে ৰুজু কৰিলে গোচৰ

প্ৰতীক হাজেলা
প্ৰতীক হাজেলা

ডিজিটেল ডেস্কঃ প্রতীক হাজেলাৰ বিৰুদ্ধে গোচৰ ৰুজু ৰাজ্য চৰকাৰৰ।নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে ৰাজ্য চৰকাৰে। কেগৰ প্রতিবেদনৰ পিছতেই ৰাজ্য চৰকাৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই এই কথা।

কেগৰ প্রতিবেদনত ফাদিল হৈছিল এন আৰ চি উন্নীতকৰণৰ কেলেংকাৰী। এই সন্দৰ্ভত শৰ্মাই কয় যে প্ৰতীক হাজেলাই স্বেচ্ছামূলক অৱসৰ ল'ব লাগে। তেতিয়া অসমীয়া জাতিৰ বিজয় হ'ব।

উল্লেখ্য যে, ২০২১ চনৰ মে মাহত প্ৰতীক হাজেলাৰ বিৰুদ্ধে অসম আৰক্ষীৰ চিআইডি শাখাত এখন এজাহাৰ দাখিল হৈছিল। এন আৰ চিৰ বিসংগতিৰ বাবে প্ৰতীক হাজেলাৰ বিৰুদ্ধে উত্থাপন হৈছিল বহু অভিযোগ।

প্ৰতীক হাজেলা
দুদিন ধৰি প্ৰেমিকাৰ মৃতদেহৰ সৈতে কোঠাৰ ভিতৰত থাকিল প্ৰেমিক, পাছত...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in