এ বি এম এগ্ৰী ইণ্ডাষ্ট্ৰি প্ৰাঃ লিঃৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ, এজাহাৰ দাখিল…

এ বি এম এগ্ৰী ইণ্ডাষ্ট্ৰি প্ৰাঃ লিঃৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ, এজাহাৰ দাখিল…

author-image
asomiyapratidin
New Update
এ বি এম এগ্ৰী ইণ্ডাষ্ট্ৰি প্ৰাঃ লিঃৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ, এজাহাৰ দাখিল…

ডিজিটেল সংবাদ,দুমুনিচকী: এ বি এম এগ্ৰি ইণ্ডাষ্ট্ৰি এণ্ড ৰিচাৰ্চ প্ৰাইভেট লিমিটেডৰ CMD মেহদি আলম বৰা আৰু চেয়াৰ মেন শ্বেখ আব্দুচ্ছাত্তাৰ বিৰুদ্ধে অভিযোগ দাখিল। উদ্যোগিক প্ৰতিষ্ঠানটোৰ খোদ প্ৰজেক্ট অফিচাৰে বাইহাটা চাৰিআলি আৰক্ষী থানাত দাখিল কৰিছে এই অভিযোগ।

প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈ থকা বাবেই দাখিল কৰে এই লিখিত অভিযোগ। বিগত প্ৰায় ডেৰ বছৰ ধৰি উদ্যোগিক প্ৰতিষ্ঠানটোত কামাল হুছেইন নামৰ এজন যুৱক প্ৰজেক্ট অফিচাৰ হিচাপে কৰ্মৰত হৈ আছিল। নিজৰ প্ৰাপ্য দৰমহা বিচাৰি বিভিন্ন সময়ত CMD মেহদি আলমক অবগত কৰি আহিছিল প্ৰজেক্ট অফিচাৰ হিচাপে কৰ্মৰত যুৱকজনে।

কিন্তু এ বি এম এগ্ৰি ইণ্ডাষ্ট্ৰি এণ্ড ৰিচাৰ্চ প্ৰাইভেট লিমিটেডৰ CMD মেহদি আলমে ঠগ প্ৰৱঞ্চনাৰে দৰমহাৰ পৰা বঞ্চিত কৰি আহিছিল বিষয়া জনক।

অৱশেষত বাইহাটা চাৰিআলি আৰক্ষী থানাত বিষয়াজনে দাখিল কৰে লিখিত অভিযোগ। প্ৰৱঞ্চনাৰ বলি হোৱা আন কেইবাজনো বিষয়া কৰ্মচাৰীয়ে দাখিল কৰিব লিখিত অভিযোগ। একাংশ বিষয়া কৰ্মচাৰীয়ে অসমীয়া প্ৰতিদিনক অবগত কৰে এই কথা।

আৰু পঢ়ক: নগাঁৱৰ নতুন উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ সাহৰ যোগদান…

assam Assam police