ডিজিটেল সংবাদ চৰাইদেউঃ ৰাজ্যখনত পোন প্ৰথমবাৰৰ বাবে ৰঙালী বিহু উদযাপন সমিতিসমূহলৈ চৰকাৰৰ তৰফৰ পৰা ব্যৱস্থা কৰা এককালীন আৰ্থিক অনুদান চৰাইদেউ জিলাৰ ১১খন বিহু সন্মিলন সমিতিয়েও লাভ কৰিছে। চৰাইদেউ জিলাৰ এই ১১ খন বিহু সন্মিলনৰ উদযাপন সমিতিলৈ বুধবাৰে অনুদানৰ চেক বিতৰণ কৰা হয়।
প্ৰতিবছৰে সংক্ৰান্তিৰ পৰা ৬ ব'হাগলৈ ৰঙালী বিহু উদযাপন কৰা আৰু সৰ্বনিম্ন দহ বছৰ কাল বিহু উদযাপন কৰি অহা সমিতিসমূহলৈ ৰাজ্য চৰকাৰে এই বিত্তীয় সাহায্য প্ৰদানৰ পদক্ষেপ লৈছে ৷ এই পদক্ষেপৰ অধীনত চৰাইদেউ জিলাৰ উপায়ুক্ত সভাকক্ষত জিলা উপায়ুক্ত পল বৰুৱা ডাঙৰীয়া অধ্যক্ষতাত অনুষ্ঠিত হোৱা এখন সভাৰ জৰিয়তে চৰাইদেউ জিলাৰ ১১ খন বিহু সমিতিলৈ ১.৫০ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হয় ৷
এই সাহায্য প্ৰদান অনুষ্ঠানত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিং তথা বিহু সন্মিলন উদযাপন সমিতিৰ বিষয়ববীয়াৰ উপৰিও জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে৷