/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/KOKRAJHAR-07.jpg)
ডিজিটেল সংবাদ কোকৰাঝাৰ: কোকৰাঝাৰ জিলাৰ ৬ খন ৰঙালী বিহু উদযাপন সমিতিলৈ বৃহস্পতিবাৰে অসম চৰকাৰৰ ডেৰলাখটকীয়া আৰ্থিক সাহাৰ্যৰ আদেশ পত্ৰ জিলা উপায়ুক্তই বিহু কমিটি সমূহক প্ৰদান কৰে । কোকৰাঝাৰ জিলা উপায়ুক্তৰ প্ৰেক্ষাগৃহত আয়োজিত হোৱা এক অনুষ্ঠান যোগে জিলা উপায়ুক্ত বৰ্ণালী ডেকাই বিহু কমিটীৰ সভাপতি আৰু সম্পাদকৰ হাতত আনুষ্ঠানিকভাৱে অসম চৰকাৰৰ ডেৰলাখটকীয়া আৰ্থিক সাহাৰ্যৰ আদেশ পত্ৰ বিতৰণ কৰে ।
উক্ত অনুষ্ঠানত কোকৰাঝাৰ পশ্চিম সমষ্টিৰ বিপিএফৰ বিধায়ক ৰবিৰাম নাৰ্জাৰী, গোসাঁইগাঁও সমষ্টিৰ ইউপিপিএলৰ বিধায়ক জিৰণ বসুমতাৰী আৰু ৬ খন বিহু কমিটীৰ সভাপতি আৰু সম্পাদকসকল উপস্থিত আছিল ।
উল্লেখ্য যে, সভাৰ আৰম্ভণিত কোকৰাঝাৰ জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাই বিহু উদযাপন সমিতিসমূহক আৰ্থিক সাহাৰ্য্য প্ৰদানৰ ক্ষেত্ৰত অসম চৰকাৰে বান্ধি দিয়া চৰ্তসমূহ যেনে- যিসকল ৰঙালী বিহু উদযাপন সমিতিয়ে অসমীয়া কেলেণ্ডাৰৰ ১ বহাগৰ পৰা ৭ বহাগলৈ প্ৰত্যেক বছৰে যোৱা ১০ বছৰৰ পৰা উদযাপন কৰি আহিছে আৰু যিয়ে ইয়াৰ প্ৰমাণ পত্ৰ দাখিল কৰিব পাৰিছে তেনেকুৱা সমিতিসমূহক আৰ্থিক সাহাৰ্য্য প্ৰদানৰ বাবে বাছনি কৰা হৈছে বুলি উল্লেখ কৰে।
ইয়াৰ উপৰিও যিসমূহ বিহু বা ৰংজালি বৈসাগু বা বিষুৱা উদযাপন সমিতিয়ে আৰ্থিক সাহাৰ্য্য পোৱাৰ পৰা বিভিন্ন কাৰণত ৰৈ গৈছে তেনে কমিটিসমূহৰ বাবে জিলা প্ৰশাসনে অসম চৰকাৰৰ লগত যোগাযোগ কৰিব বুলি মন্তব্য কৰিছে ।
ইপিনে জিলা প্ৰশাসনে অতি কমসংখ্যক বিহু সমিতিক অসম চৰকাৰৰ ডেৰলাখটকীয়া আৰ্থিক সাহাৰ্যৰ বাবে নিৰ্বাচন কৰাক লৈ বহুসংখ্যক বিহু , বিষুৱা আৰু বৈশাগু সমিতিয়ে অসন্তুষ্টি প্ৰকাশ কৰিছে । বঞ্চিত বিহু , বিষুৱা আৰু বৈশাগু সমিতিৰ একাংশ কাৰ্যকৰ্তাই উল্লেখ কৰা মতে অইন জিলাত যিসময়ত ২০ – ৩০ খন বিহু কমিটীক চৰকাৰৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰিছে সেই সময়ত কোকৰাঝাৰ জিলা প্ৰশাসনে মাত্ৰ ৬ খন বিহু কমিটীক আৰ্থিক সাহাৰ্য প্ৰদান কৰাত আন বহুসংখ্যক বিহু কমিটী, বিষুৱা কমিটী আৰু বৈশাগু কমিটী আৰ্থিক সাহাৰ্যৰ পৰা বঞ্চিত হৈছে ।
অৱশ্যে উক্ত বিষয়টোক লৈ জিলা উপায়ুক্ত বৰ্ণালী ডেকাৰ সতে কোকৰাঝাৰ পশ্চিম সমষ্টিৰ বিপিএফৰ বিধায়ক ৰবিৰাম নাৰ্জাৰী আৰু গোসাঁইগাঁও সমষ্টিৰ ইউপিপিএলৰ বিধায়ক জিৰণ বসুমতাৰীয়ে এক বৈঠকত অংশগ্ৰহণ কৰে আৰু অতিৰিক্ত পুঁজিৰ ব্যৱস্থা কৰি আন বিহু সমিতিসমূহক প্ৰদান কৰিবলৈ জিলা উপায়ুক্তক আহ্বান জনায় । জিলা উপায়ুক্ত বৰ্ণালী ডেকাই বিষয়টোত ধনাত্মক সঁহাৰি প্ৰদান কৰি অতিৰিক্ত পুঁজিৰ বাবে ৰাজ্য চৰকাৰকৈ পত্ৰ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ।