আই অ' কিউ এম, এ এন টি এইচ ই ২০২৫ত অসমৰ বিশেষ সফলতা

চিকিৎসা তথা অভিযান্ত্ৰিক শিক্ষাত নামভৰ্তিৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা আকাশ এডুকেশ্যনেল ছাৰ্ভিচেছ লিমিটেডে আজি পানবজাৰস্থিত আকাশ ইনষ্টিটিউটত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে।

author-image
সংগীতা দাস
New Update
new ap web  2

ডিজিটেল ডেস্ক:চিকিৎসা তথা অভিযান্ত্ৰিক শিক্ষাত নামভৰ্তিৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা আকাশ এডুকেশ্যনেল ছাৰ্ভিচেছ লিমিটেডে আজি পানবজাৰস্থিত আকাশ ইনষ্টিটিউটত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত ভাৰতীয় গণিত অলিম্পিয়াড(আই অ' কিউ এম) ২০২৫ত যোগ্যতা অৰ্জন কৰা আৰু আকাশ ৰাষ্ট্ৰীয় প্ৰতিভা অন্বেষণ পৰীক্ষা (এ এন টি এইচ ই) ২০২৫ত  উৎকৃষ্ট প্ৰদৰ্শন কৰা শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হয়। 

উল্লেখ্য যে, এ এন টি এইচ ই ২০২৫ত  অসম বি ইউৰ পৰা ২৩ গৰাকী শিক্ষাৰ্থীয়ে শীৰ্ষ স্থান দখল কৰিছে আৰু ২০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সম্পূৰ্ণ ১০০ % জলপানি লাভ কৰি সমগ্ৰ অঞ্চলটোৰ উল্লেখনীয় প্ৰদৰ্শন  দাঙি ধৰিছে। সৰ্বাধিক ১০০ শতাংশ পৰ্যন্ত নম্বৰসহ শিক্ষাৰ্থীসকলে উৎকৃষ্ট নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। সকলো শৈক্ষিক ক্ষেত্ৰত সমান পাৰদৰ্শিতা প্ৰদৰ্শন কৰি শীৰ্ষ স্থান দখল কৰা শিক্ষাৰ্থী সকলে  এছ অ' এম, এছ অ' এফ আৰু এছ অ' ই শাখাৰ পৰা সমানে বাছনি লাভ কৰিছে । সপ্তম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অধ্যয়নৰত শিক্ষার্থীয়ে সফলতা লাভ কৰি শক্তিশালী মৌলিক শিক্ষণৰ লগতে উচ্চ ছিনিয়ৰ বিদ্যালয়ৰ প্ৰস্তুতি প্ৰদৰ্শন কৰে।

আনহাতে, আই অ' কিউ এম ২০২৫ত এই বছৰ প্ৰতিষ্ঠানটোৰ অন্যতম শক্তিশালী প্ৰদৰ্শনক প্ৰতিফলিত কৰি ২৩গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ২২ গৰাকীয়ে যোগ্যতা অর্জন কৰিছে । শীৰ্ষ কৃতিত্ব অর্জনকাৰীসকলে এই অঞ্চলৰ পৰা উদীয়মান গাণিতিক প্ৰতিভাৰ গভীৰতা প্ৰদৰ্শন কৰি সৰ্বাধিক ৩৮ নম্বৰ লাভ কৰিছে । নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বিভিন্ন পৰ্যায়ত অধ্যয়নৰত প্ৰাৰ্থীসকলে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে, যিয়ে সমগ্ৰ শ্ৰেণীৰ স্তৰত প্ৰতিষ্ঠানটোৰ ধাৰাবাহিক শৈক্ষিক শক্তি পুনৰ নিশ্চিত কৰে। সকলো যোগ্যতা অৰ্জনকাৰীয়েই অসমৰ, যিয়ে আই অ' কিউ এম২০২৫-ত আকাশৰ শিক্ষাৰ্থীসকলৰ বাবে ১০০% আঞ্চলিক সফলতাৰ হাৰ প্ৰদৰ্শন কৰে । শিক্ষাৰ্থীসকলে তিনিটা মূল শ্ৰেণী -এছ অ' এম, এছ অ' এফ আৰু  এছ অ' ইক প্ৰতিনিধিত্ব কৰি সকলো  শ্ৰেণীত সন্তুলিত সাফল্যৰ ইংগিত দিয়ে।  সপ্তম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বিভিন্ন পৰ্যায়ৰ শিক্ষাৰ্থী সকলে  শীৰ্ষস্থান দখল কৰি প্ৰাৰম্ভিক প্ৰতিশ্ৰুতি আৰু জ্যেষ্ঠ পৰ্যায়ৰ প্ৰস্তুতি দুয়োটা প্ৰদৰ্শন কৰিছে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি আকাশ এডুকেচনেল চাৰ্ভিচেছ লিমিটেড (এই এছ এল) ৰ আঞ্চলিক সঞ্চালক অজয় বাহাদুৰ সিঙে কয়, ‘গুৱাহাটীৰ এই গুৰুত্বপূৰ্ণ সাফল্য অর্জনকাৰীসকলক সন্মান জনাবলৈ পোৱাতো এক সৌভাগ্যৰ বিষয়। শিক্ষাৰ্থীসকলৰ ফলাফল তেওঁলোকৰ অধ্যৱসায় আৰু আমাৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলৰ অটল সমৰ্থনৰ ফচল। আমি সমগ্ৰ অসমৰ শিক্ষাৰ্থীসকলক গঠনমূলক নিৰ্দেশনা, ব্যক্তিগত সমৰ্থনৰ সৈত প্ৰতিটো শিশুক  লালন-পালন কৰিবলৈ  আৰু  তেওঁলোকৰ প্রকৃত সামৰ্থ্য লাভ কৰিবলৈ এক শক্তিশালী শৈক্ষিক পৰিৱেশ প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।’ ইফালে, এই অনুষ্ঠানতে অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিষ্ঠানটোৰ সমৰ্থন ব্যৱস্থাৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে।