/asomiyapratidin/media/media_files/2024/12/02/KMX9xrwUmpVqJXgdAjrc.jpg)
ডিজিটেল ডেস্কঃ তথ্য-প্ৰযুক্তিৰ বিকাশৰ সমান্তৰালভাৱে দেশৰ বাণিজ্য ক্ষেত্ৰখনলৈও আহিছে আমূল পৰিৱৰ্তন। শেহতীয়াকৈ এক তথ্যত পোহৰলৈ আহিছে যে, দেশৰ টেলিকম, কম্পিউটাৰ সেৱা তথা ফাৰ্মা খণ্ডত বিনিয়োগৰ পৰিমাণ ব্যাপকভাৱে বৃদ্ধি পাইছে।এই বছৰত এই তিনিওটা খণ্ডত বিনিয়োগৰ পৰিমাণ প্ৰায় ৪৫শতাংশ বৃদ্ধি পাইছে। যাৰ মূল্য হৈছে ২৯.৭৯বিলিয়ন মাৰ্কিন ডলাৰ।
এইখিনিতে উল্লেখ কৰিব লাগিব যে, ২০২৩-২৪বৰ্ষৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহত এই খণ্ডটোত বিদেশী বিনিয়োগৰ পৰিমাণ আছিল ২০.৫বিলিয়ন মাৰ্কিন ডলাৰ। চলিত বছৰত এই বিনিয়োগৰ পৰিমাণ বৃদ্ধি পাই হৈছেগৈ ২৯.৭৯বিলিয়ন ডলাৰ।
এই বছৰত জুলাই-ছেপ্টেম্বৰ ত্ৰিমাসিকত এই বিনিয়োগৰ পৰিমাণ ৪৩শতাংশ বৃদ্ধি হৈ হৈছেহৈ ১৩.৬বিলিয়ন ডলাৰ। ২০২৩ত এই পৰিমাণ আছিল ৯.৫২বিলিয়ন ডলাৰ। কেন্দ্ৰীয় চৰকাৰৰ তথ্যত পোহৰলৈ অহা প্ৰতিবেদনৰ পাছতে এতিয়া এই খণ্ড কেইটাত আশাৰ সঞ্চাৰ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us