বকোৰ হাহিম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিক্ৰম বসুমতাৰীৰ বিদায় সম্বৰ্ধনা

: কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ হাহিম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিক্ৰম বসুমতাৰীৰ বিদায় সম্বৰ্ধনা।

author-image
Asomiya Pratidin
New Update
বকোৰ হাহিম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিক্ৰম বসুমতাৰীৰ বিদায় সম্বৰ্ধনা

ডিজিটেল সংবাদ,ছমৰীয়া: কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ হাহিম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিক্ৰম বসুমতাৰীৰ বিদায় সম্বৰ্ধনা।আৰক্ষী বিষয়া গৰাকীৰ বিদায় উপলক্ষে মঙগলবাৰে সন্ধিয়া বকো আৰক্ষী থানা চৌহদত এখন বিদায়- সম্বৰ্ধনা সভা অনুষ্ঠিত হয়।

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিক্ৰম বসুমতাৰীয়ে বিগত সময়চোৱাত নিজৰ ওপৰত ন্যস্ত প্ৰশাসনিক দায়িত্ব পালন কৰি যোৱাৰ লগতে মদ,ভাং,জুৱা,ড্ৰাগছ আৰু বিভিন্ন অপৰাধমূলক কাৰ্যৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ গ্ৰহণ কৰি অহাৰ বাবে তেওঁৰ সমগ্ৰ বকো অঞ্চলৰ জনসাধাৰণৰ লগত এক সুমধুৰ সম্পৰ্ক গঢ়ি উঠিছিল।তেওঁ সময়ত প্ৰশাসনিক বিষয়াৰ দায়িত্ব,সময়ত বন্ধুত্বৰ এনাজৰীৰ মাজেৰে সকলোৰে মাজত জিলিকি উঠা বকোৰ হাহিম আৰক্ষী চকীৰ এইগৰাকী আৰক্ষী বিষয়াক বিদায় দিবলৈ পায় সমগ্ৰ বকো বাসী মৰ্মাহত হৈ পৰিছ।

হাহিম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকী চৰকাৰী নিয়ম অনুসৰি হাইলাকান্দি জিলালৈ বদলি হোৱাত মংগলবাৰে বকো আৰক্ষী থানাত বকো আৰক্ষী থানাৰ সহকৰ্মী আৰক্ষী বিষয়া আৰু আৰক্ষী জোৱান সকলৰ উপস্থিতিত বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফনীন্দ্ৰ নাথে এখনি শৰাই আৰু বকো আৰক্ষী থানাৰ সহকাৰী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক ডেকাই এখনি ফুলাম গামোচাৰে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে।

আৰু পঢ়ক: পৰ্ণ আসক্ত কিশোৰে ধৰ্ষণ কৰি হত্যা কৰিলে ১০ বছৰীয়া শিশুক, দিলে আত্মহত্যাৰ ৰূপ...

assam Assam police