কাহিলীপাৰাত কে.ভি. সিং দেওৰ বাবে বিদায় পেৰেডৰ আয়োজন

কাহিলীপাৰাত কে.ভি. সিং দেওৰ বাবে বিদায় পেৰেডৰ আয়োজন

author-image
Asomiya Pratidin
New Update
কাহিলীপাৰাত কে.ভি.  সিং দেওৰ বাবে বিদায় পেৰেডৰ আয়োজন

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে পুৱা ৯.৩০ বজাত কাহিলীপাৰাস্থিত ৪ নং এ.পি.বি.এনত অসামৰিক প্ৰতিৰক্ষা সঞ্চালক প্ৰধান তথা গৃহৰক্ষী জোৱানৰ কমাণ্ডেণ্ট জেনেৰেল আই পি এছ বিষয়া কে.ভি. সিং দেওৰ বাবে এক বিদায় পেৰেডৰ আয়োজন কৰা হয়।

Advertisment

১৯৮৯ চনত আই.পি.এচ. বিষয়াৰূপে নিযুক্তি লাভ কৰা কে.ভি. সিং দেওয়ে অসম মেঘালয় কেডাৰৰ আই পি এছ বিষয়া আৰু প্ৰশিক্ষণৰ অন্তত হোজাইৰ মহকুমা আৰক্ষী বিষয়া হিচাপে কৰ্মজীৱন আৰম্ভ কৰে।

কে.ভি. সিং দেও কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ কেন্দ্ৰীয় প্ৰতিনিধিত্বতো আছিল। কে.ভি.সিং দেও অসমত থকা কালত মহকুমা আৰক্ষী বিষয়াৰ পৰা আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান পদলৈ কাৰ্য সম্পাদন কৰিছিল।

যোৱা ২৮.০২.২০২৩ তাৰিখে কে.ভি. সিং দেও নাগৰিক প্ৰতিৰক্ষাৰ সঞ্চালক প্ৰধান পদলৈ উন্নীত হয়। আজি বিদায় পেৰেডৰ সময়ত কাহিলীপাৰাত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি.পি. সিং, আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিট সিঙকে ধৰি অসম আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

Assam police