/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/f65add5b-9d00-4406-ad89-8e3771dcc4b8/msnmnsds.jpg)
ডিজিটেল সংবাদ,ফকিৰগঞ্জ -ধুবুৰী জিলাৰ ফকিৰগঞ্জৰ ব্ৰহ্মপুত্ৰৰ নদীৰ গৰাখহনীয়াৰ প্ৰতিৰোধৰ বাবে ৰাইজে বিনামূলীয়া শ্ৰমদান কৰাৰ লগতে নৈ পাৰত আল্লাহৰ সহায় বিচাৰি সমুহীয়া প্ৰাৰ্থনা কৰা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে।
উল্লেখযোগ্য যে দীৰ্ঘদিনৰ ধৰি ফকিৰগঞ্জ এলেকাত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত হেজাৰ হেজাৰ পৰিয়ালৰ ঘৰ-বাৰী কেবাটাও শিক্ষানুষ্ঠান - প্ৰতিষ্ঠান আৰু কেবা হেজাৰ হেক্টৰ কৃষিভূমি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। আনকি অঞ্চলটোৰ একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়ন ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কৱলত পৰিছে। ৰাইজৰ আকুল আহ্বানৰ প্ৰতি সঁহাৰি জনাই ধুবুৰী জিলা প্ৰশাসনে জিও বেগেৰে ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ কাম হাতত লৈছে।
কিন্তু বিভাগীয় কৰ্তৃপক্ষই ব্ৰহ্মপুত্ৰ নদীৰ প্ৰতিৰোধৰ কাম লেহেমীয়া কৰাত আজি অঞ্চলটোৰ ৰাইজে স্বতঃস্ফূৰ্ত ভাৱে ওলাই আহি বিনামুলীয়া শ্ৰমদানেৰে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ প্ৰতিৰোধৰ প্ৰয়াস চলায়। একেদৰে ৰাইজে আল্লাহৰ ওচৰত সহায় বিচাৰি প্ৰাৰ্থনা কৰে।