স্বাস্থ্য বিভাগত ভুৱা নিযুক্তিঃ চাকৰি হেৰুৱাব পাৰে শতাধিক কৰ্মচাৰীয়ে...

স্বাস্থ্য বিভাগত ভুৱা নিযুক্তিঃ চাকৰি হেৰুৱাব পাৰে শতাধিক কৰ্মচাৰীয়ে...

author-image
Asomiya Pratidin
New Update
স্বাস্থ্য বিভাগত ভুৱা নিযুক্তিঃ চাকৰি হেৰুৱাব পাৰে শতাধিক কৰ্মচাৰীয়ে...

কেৰালা বিজেপি কাৰ্যালয়লৈ দুৰ্বৃত্তৰ পত্ৰঃ আত্মঘাতী আক্ৰমণ কৰিব প্ৰধানমন্ত্ৰীক...

ডিজিটেল ডেস্কঃ স্বাস্থ্য বিভাগত চাকৰি পোৱা ২০০ গৰাকীৰো অধিকে কৰ্মচাৰীক শীঘ্ৰেই বৰ্খাস্ত কৰা হ’ব বুলি চৰ্চা চলিছে।

Advertisment

উল্লেখ্য যে, শিৱসাগৰ আৰু চৰাইদেউ জিলাত স্বাস্থ্য বিভাগত অবৈধভাৱে নিযুক্তি লাভ কৰিছে ২১৩ গৰাকীয়ে। এই সন্দৰ্ভত বিভাগীয় উধ্বৰ্তন কৰ্তৃপক্ষৰ নিৰ্দেশনা অনুসৰি গঠন কৰি দিয়া ৩ জনীয়া তদন্তকাৰী সমিতিয়ে বিভাগটোৰ বিভিন্ন পদত কৰ্মৰত হৈ থকা কৰ্মচাৰীসকলৰ নথি-পত্ৰসমূহ পৰীক্ষা কৰি স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছে।

এই কৰ্মচাৰীসকলৰ মাজত আছে ভেকচিনেটৰ, হেলথ এডুকেটৰ, লেপচি, এল ডি এ, ইউ ডি এ, লেবৰটৰী টেকনিচিয়ান আদি। এই পদসমূহত কৰ্মৰত হৈ থকা ২১৩ গৰাকী কৰ্মচাৰীৰ নথি-পত্ৰ গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে যদিও এইসকলৰ ভিতৰত কিমানজনৰ নথি-পত্ৰ ভুৱা অথৱা কিমানে চাকৰি হেৰুৱাব সেই বিষয়ে কোনো কথা প্ৰকাশ কৰা নাই বিভাগটোৰ সংশ্লিষ্ট বিষয়াই।

চৰ্চা অনুসৰি এই ২১৩ গৰাকী কৰ্মচাৰীৰ ভিতৰত ১০০ ৰো অধিক কৰ্মচাৰীয়ে সাক্ষাৎকাৰ অবিহনেই ভুৱা বদলিকৰণৰ পত্ৰ দেখুৱাই নিযুক্তি লাভ কৰিছিল। এই নিযুক্তি ২০০৮-০৯ ৰ পৰা ২০১৬-১৭ চনৰ ভিতৰত হৈছিল।

২০১৬ ত কংগ্ৰেছ চৰকাৰৰ পতনৰ পাছত বিজেপি শাসনলৈ অহাৰ পাছতে এই ভুৱা নিযুক্তিৰ তথ্য পোহৰলৈ আহিছিল। সেই সময়ত নিযুক্তি লাভ কৰা অধিকাংশ অবৈধ নিযুক্তিপ্ৰাপ্তই বদলিকৰণৰ ভুৱা প্ৰমাণ পত্ৰ লৈ টকাৰ বিনিময়তে নিযুক্তি লাভ কৰিছিল।

Also Read: ভূপেন বৰাই ক'লে- মুখ্যমন্ত্ৰীৰ মতে কাম কৰিছে অংকিতা দত্তই...

স্বাস্থ্য বিভাগৰ নিযুক্তি