ৰাজ্যত পুনৰ কোৰোণাতংক, ক্ষেত্ৰভিত্তিক লকডাউনৰ ভুৱা প্ৰচাৰ…

ৰাজ্যত পুনৰ কোৰোণাতংক, ক্ষেত্ৰভিত্তিক লকডাউনৰ ভুৱা প্ৰচাৰ…

author-image
asomiyapratidin
New Update
ৰাজ্যত পুনৰ কোৰোণাতংক, ক্ষেত্ৰভিত্তিক লকডাউনৰ ভুৱা প্ৰচাৰ…

ডিজিটেল ডেস্ক : ৰাজ্যত বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমন । ৰাজ্যখনৰ তিনিটা স্থানক ইতিমধ্যে কন্টেইমেন্টট জ'ন হিচাপে ঘোষণা কৰা হৈছে । মহানগৰীৰ পানবাজাৰৰ ডনবক্স' স্কুল, চানমাৰী স্থিত হলী চাইল্ড স্কুলত কন্টেইমন্টে জ'ন, ঘোষণা কৰাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড০ ভূপেন হাজৰিকা পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰটো কন্টেইনমেন্ট জ'ন ঘোষণা কৰাৰ লগতে কেন্দ্ৰটোৰ বিষয়া,কৰ্মচাৰী সকলক কোভিড পৰীক্ষা কোৰোৱাৰ লগতে হোম কোৱাৰেন্টাইনৰ নিৰ্দেশ প্ৰেৰণ কৰা হৈছে ।

Advertisment

ইপিনে মেঘালয়ত কৰ্মৰত মানকাছৰৰ শ্ৰমিক এগৰাকী ছুটীত ঘৰলৈ অহাৰ সময়ত কোৰোনাত আক্ৰান্ত হোৱাৰ খবৰো ইতিমধ্যে জানিব পৰা গৈছে । শ্ৰমিক গৰাকীক ঘৰতে কোৱাৰেন্টাইন হৈ থকাৰ নিৰ্দেশ দিয়ে স্বাস্থ্য বিভাগে ।

ইফালে অসমত পুনৰ লকডাউন দিব বুলি সামাজিক মাধ্যমত এক ভুৱা খবৰ বিয়পিছে । ৰাজ্যত বৰ্তমানে কোনো লকডাউন ঘোষণা কৰাৰ বাবে স্বাস্থ্য বিভাগে কোনো ধৰনৰ নিৰ্দেশনা প্ৰেৰন কৰা হোৱা নাই । আনহাতে স্বাস্থ্য বিভাগে সকলো জনসাধৰণক কোভিডৰ নীতি নিয়ম সমূহ মানি চলিবলৈ আহ্বান জনাই । কিন্তু পুনৰ লকডাউন হ'ব বুলি সামাজিক মাধ্যমত চলা ভুৱা প্ৰচাৰে জনসাধৰণক আচৰিত কৰি তুলিছে ।