যোৰহাট আৰক্ষীৰ জালত আছাম ৰাইফলছৰ ভুৱা গেং..

যোৰহাট আৰক্ষীৰ জালত আছাম ৰাইফলছৰ ভুৱা গেং..

ডিজিটেল ডেস্কঃ আছাম ৰাইফলছৰ নামত একাংশ অসাধু লোকে চলাই আছে ব্যৱসায়। ইতিমধ্যে অসম আৰক্ষীৰ জালত পৰিছে এই অসাধু চক্ৰৰ লগত জড়িত কেইবাজনো ব্যক্তি। আৰক্ষীৰ জালত পৰিছে, ইটোৰ পিচত সিটোকৈ ভুৱা আছাম ৰাইফলছৰ গেং মেম্বাৰ।

এইবাৰ নগাঁৱৰ ইটাচালীৰ পৰা যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধ্ৰুৱজ্যোতি শৰ্মা নামৰ এটা ভুৱা আছাম ৰাইফলছৰ গেংৰ মেম্বাৰক। আৰক্ষীয়ে তেওঁৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে আছাম ৰাইফলছৰ নাম ফলক লিখি থকা বিলাসী হেক্টৰ গাড়ী। উল্লেখ্য যে, বিগত ২৭ তাৰিখে পুৱা যোৰহাট আৰক্ষীয়ে যোৰহাটৰ তেলীয়া পট্টিৰ পৰা ৪ জন লোকক আটক কৰাৰ লগতে জব্দ কৰিছিল আসাম ৰাইফলছৰ গাড়ীৰ দৰে ৰং দিয়া এখন ট্ৰাক।

জানিব পৰা মতে ২৭ তাৰিখে আটক হোৱা চাৰিজন লোকৰ দুজনে আসাম ৰাইফলছৰ পোচাক পিন্ধি আছিল আৰু পিচত দুয়ো জন ভূৱা বুলি প্ৰমাণিত হৈছিল।এই কেইজন ভূৱা আছাম ৰাইফলছৰ গেং মেম্বাৰক জেৰা কৰাৰ অন্তত যোৰহাট আৰক্ষীয়ে দেওবাৰে লামডিংৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ৰূপম মজুমদাৰ নামৰ এটা স্বয়ম্ভু হাবিলদাৰক।

ইয়াৰ পাছতে যোৰহাট আৰক্ষীয়ে নগাঁৱৰ ইটাচালীৰ পৰা সোমবাৰে ধ্ৰুৱজ্যোতি শৰ্মাক গ্ৰেপ্তাৰ কৰে।এই সমগ্ৰ ঘটানৰ লগত জড়িত আৰু লোক আৰক্ষীৰ জালত পৰাৰ সম্ভাবনা আছে বুলি আৰক্ষীৰ এক উচ্চ স্তৰৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in