সোণাপুৰত আবকাৰী বিভাগৰ অভিযান, অবৈধ সুৰাভৰ্তি ট্ৰাকসহ গ্ৰেপ্তাৰ দুজনক…

সোণাপুৰত আবকাৰী বিভাগৰ অভিযান, অবৈধ সুৰাভৰ্তি ট্ৰাকসহ গ্ৰেপ্তাৰ দুজনক…

ডিজিটেল ডেস্কঃ বুধবাৰে নিশা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ সোণাপুৰৰ টেটেলিয়াত আবকাৰী বিভাগৰ এটা দলে অভিযান চলায়। এই অভিযানকালত জব্দ কৰা হয় বৃহৎ পৰিমানৰ অবৈধ বিদেশী সুৰা। জানিব পৰা মতে, এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আবকাৰীৰ অভিযানকাৰী দলটোৱে চলাইছিল এই অভিযান আৰু গ্ৰেপ্তাৰ কৰে দুজন লোকক।

উল্লেখ্য যে, হিমালয়ান ডিষ্টিলেৰী প্ৰাইভেল লিমিটেডৰ ফেক্টৰীৰ পৰা যোৰহাটৰ এম/এছ বৰগোঁহাই এন্টাৰপ্ৰাইজেজ বন্ডেড ৱেৰহাউছ প্ৰাইভ লিমিটেডলৈ এখন ট্ৰাকেৰে কঢ়িয়াই নিব লৈছিল অবৈধ সুৰাখিনি। ইফালে, গ্ৰেপ্তাৰ কৰা লোক দুজন ৰঞ্জন দৈমাৰী আৰু হাবিবুল হক বুলি চিনাক্ত কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in