Published on :
Updated on :
- আজৱ ঘটনা! অসম সচিবালয়ৰ ভিতৰত এইবাৰ সংঘটিত হৈছে গাড়ী চুৰিকাণ্ড।
- প্রাক্তন মন্ত্রী তথা বিধায়ক ফণীভূষণ চৌধুৰীৰ গাড়ী চোৰ হ'ল সচিবালয়ৰ পৰা।
- সচিবালয়ৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ পিছতো প্ৰাক্তন মন্ত্ৰী, বিধায়কৰ ইন'ভা বাহন চুৰি হোৱাক লৈ চাঞ্চল্য।
- আৰক্ষীৰ তদন্তত পোহৰলৈ আহিল গাড়ী চুৰিৰ ঘটনা।
- ফণীভূষণ চৌধুৰীৰ গাড়ীৰ ড্রাইভাৰ জনেই গাড়ীখন চুৰি কৰি নিয়াৰ অভিযোগ উত্থাপন।
- এই গাড়ী চুৰি ঘটনাৰ লগতে ৰকিবুল হুছেইনৰ গাড়ী চালকো জড়িত থকাৰ অভিযোগ।
- নুমলীগড়ত দুৰ্ঘটনাগ্রস্ত হোৱাৰ পিছত পোহৰলৈ আহে এই সমগ্র ঘটনা।
- ইতিমধ্যে ঘটনা সন্দৰ্ভত তিনিজনক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে।
- আটকাধীন তিনিওজন হাৰেজ আলী, আৰিফুল আলী, ছফিকুল আহমেদ বুলি জানিব পৰা গৈছে।
Asomiya Pratidin
www.asomiyapratidin.in