আই আই টি, এন আই টিৰ পৰা উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়েও নামিছে কৃষি ক্ষেত্ৰত...

"আই আই টি, এন আই টিৰ পৰা উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়েও কৃষি ক্ষেত্ৰত নামি পৰিছ। কৃষিক ব্যৱসায় হিচাপে লৈছে। কাৰণ কৃষিত বৰ্তমান প্ৰচুৰ সম্ভাৱনা বৃদ্ধি পাইছে।" বিজ্ঞান গুৰু ড০ জয়ন্ত ডেকা

author-image
Asomiya Pratidin
New Update
আই আই টি, এন আই টিৰ পৰা উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়েও নামিছে কৃষি ক্ষেত্ৰত...

ডিজিটেল সংবাদ, বটদ্ৰৱা : "আই আই টি, এন আই টিৰ পৰা উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়েও কৃষি ক্ষেত্ৰত নামি পৰিছ। কৃষিক ব্যৱসায় হিচাপে লৈছে। কাৰণ কৃষিত বৰ্তমান প্ৰচুৰ সম্ভাৱনা বৃদ্ধি পাইছে।" এই মন্তব্য অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কৃষি মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু ড০ জয়ন্ত ডেকাৰ।

Advertisment

আজি অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৩ৰ নগাঁও কেন্দ্ৰৰ শিক্ষাৰ্থীসকলৰ উদ্যোগত কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ তত্বাৱধানত নগাঁও জিলাৰ ডাকৰঘাট সৌৰভ পুথিভঁৰাল প্ৰাংগনত অনুষ্ঠিত "কৃষি তথ্য কেন্দ্ৰ" মুকলি অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে উপস্থিত থাকি তেওঁ লগতে কয় "জলবায়ু পৰিৱৰ্তন হোৱাৰ লগে লগে আমাৰ ৰাজ্যৰ জনসাধাৰণৰ খাদ্যাভাসৰ ব্যপক পৰিবৰ্তন হবলৈ আৰম্ভ হৈছে। যাৰ পৰিপেক্ষিতত আমাৰ কৃষি পদ্ধতিত নতুন নতুন উৎপাদন আৰম্ভ হৈছে।"

ইফালে গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ ছাত্ৰ ছাত্ৰী সকলক বিষয়ে উত্থাপন কৰি তেওঁ কয় "কৃষি শিক্ষা এটিয়া চাকৰিমুখী হৈ থকা নাই। যুৱচামে কৃষিক ব্যবসায় হিচাপে লবলৈ আৰম্ভ কৰিছে। কৃষি সম্পূৰ্ন ব্যবসায় ক্ষেত্ৰলৈ ৰূপান্তৰিত হৈছে। ই সম্প্ৰসাৰণ হলে আমাৰ নিবনুৱা সমস্যা সমাধান হব।" বুলিও মন্তব্য কৰে।

অনুষ্ঠানটিত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী ড০ নিৰঞ্জন ডেকাই "কৃষি আৰু আনুসাংগিক ক্ষেত্ৰ সমূহৰ সমস্যা ক্ষেত্ৰত অঞ্চলৰ ৰাইজে আজি মুকলি কৰা তথ্য কেন্দ্ৰত সুবিধা লোৱাৰ উপৰিওঁ কৃষি পৰামৰ্শ লব পাৰিব। লগতে ছাত্ৰ ছাত্ৰী সকলেেও কৃষক সকলৰ লগত সমানে কৃষি কৰ্মৰ অভিজ্ঞতা অৰ্জন কৰিব।"

অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৩ৰ পৰ্যবেক্ষক ড০ ৰঞ্জন কন্দলি, ড০ অঞ্জন কৃষ্ণ শৰ্মাই ভাষন প্ৰদান কৰা অনুষ্ঠানটিত পৰ্যবেক্ষক ড০ গায়ত্ৰী গোস্বামী কন্দলি, ডাকৰঘাট বাপুজী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মীনাক্ষী বৰা, কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ কৃষি অৰ্থনীতি বিভাগৰ বিষয়বস্তু বিশেষজ্ঞা ড০ চিংকি বৰ্মন, পাম পৰিচালক শংকু মনি শৰ্মা আৰু নগাঁও জিলাৰ ডাকৰঘাট, কৃষ্ণাইখাট, ফেটা চুক, বামুন গাঁও আদি অঞ্চলৰ শতাধিক কৃষক উপস্থিতি থাকে। ইফালে অনুষ্ঠানটিৰ মাজতে মাংগলিক কাৰ্যসূচীৰে বিজ্ঞান গুৰু ড০ জয়ন্ত ডেকাই ফিটা কাটি তথ্য কেন্দ্ৰটি মুকলি কৰে।

কেন্দ্ৰটিত অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৩ নগাঁও কেন্দ্ৰৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা ভূমি বিজ্ঞান বিভাগ, উদ্যান শস্য বিভাগ, শস্য বিজ্ঞান বিভাগ, উদ্ভিদ ৰোগ বিভাগ, পতংগ তত্ব বিভাগ, থলুৱা প্ৰযুক্তিগত পদ্ধতি বিভাগ, কৃষি বতৰ বিজ্ঞান বিভাগ, গ্ৰাম্য অৰ্থনীতি আৰু কৃষি সম্প্ৰসাৰণ বিভাগ, কৃষি প্ৰযুক্তি তথ্য কেন্দ্ৰ, মীন পালন বিভাগ, পশু পালন বিভাগৰ উপৰিও কম কৃষি ভূমিৰ আদৰ্শ বাৰী পদ্ধতিৰ এখনি আকৰ্ষণীয় প্ৰদৰ্শনীও অনুষ্ঠিত হয়।

অনুষ্ঠানটিতে গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৩ নগাঁও কেন্দ্ৰৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা প্ৰকাশিত 'কাঁচিয়লি' শীৰ্ষক প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰ হয়। গীত মাত কথাৰ সমাহাৰেৰে অনুষ্ঠিত অনুষ্ঠানটিৰ শেষত শলাগৰ শৰাই আগবঢ়ায় গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৩ৰ পৰিচালিকা ড০ আছফিকা ইছলামে।

Also Read: ৰৌতাত আৰক্ষীৰ এনকাউন্টাৰৰ বলি নিৰ্দোষী কৃষক

assam agriculture university