/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/2e08ad91-37f9-4df5-b75f-af83fa5fba12/khanapara_2.jpg)
ডিজিটেল ডেস্ক : অন্ত হ'ল উপায়ুক্ত-আৰক্ষী অধীক্ষক সন্মিলনৰ প্ৰথম পৰ্যায়ৰ বৈঠক । খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এই সন্মিলনৰ প্ৰথম পৰ্যায়ৰ বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু জিলা সমূহৰ সমূহ বিভাগৰ উপায়ুক্ত তথা শীৰ্ষ পদবীৰ বিষয়া সকলে ।
প্ৰথম পৰ্যায়ৰ বৈঠকত স্থান পালে মিছন বসুন্ধৰা-২, মিছন ভূমিপুত্ৰই । ইয়াৰ ওপৰিও আগন্তুক ২৪ নৱেম্বৰত আয়োজন কৰিব লগীয়া লাচিত দিৱসৰ আয়োজন সন্দৰ্ভতো বিষদ আলোচনা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।
লাচিত দিৱসৰ উপলক্ষে মুকলি কৰা প'ৰ্টেলটোৰ জৰিয়তে শৈক্ষিক প্ৰতিযোগিতা আয়োজন কৰাৰ কথাও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে । এই শৈক্ষিক প্ৰতিযোগিতাৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰাৰ নিৰ্দেশ উপায়ুক্ত সকলক ।
এই বিষয় কেইটাৰ ওপৰিও আগন্তুক দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন সন্দৰ্ভতো আলোচনা শীৰ্ষ বিষয়াসকলৰ ।
উল্লেখ্য যে, বৈঠকৰ পাছত সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰী গৰাকীয়ে দিয়া মন্তব্য অনুসৰি, মাজুলীত ইতিমধ্যেই ১০০ শতাংশ সম্পূৰ্ণ হৈছে মিছন ভূমিপুত্ৰৰ কাম । অইন জিলা সমূহতো ৮০ শতাংশ কাম সম্পন্ন হোৱা বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে ।
আনহাতে, কেৱল আৰক্ষী অধীক্ষক আৰু শীৰ্ষ বিষয়া সকলক লৈ অনুষ্ঠিত হ'ব লগীয়া দ্বিতীয় পৰ্যায়ৰ বৈঠক মাজনিশা পৰ্যন্ত চলিব বুলিও জানিব পৰা গৈছে ।