EM অৰূপ কুমাৰ দে'ৰ প্ৰহাৰত চিকিৎসাধীন এজনঃ পূৰ্বতেও দিছিল হত্যাৰ ভাবুকি

EM অৰূপ কুমাৰ দে'ৰ প্ৰহাৰত চিকিৎসাধীন এজনঃ পূৰ্বতেও দিছিল হত্যাৰ ভাবুকি

author-image
Asomiya Pratidin
New Update
EM অৰূপ কুমাৰ দে'ৰ প্ৰহাৰত চিকিৎসাধীন এজনঃ পূৰ্বতেও দিছিল হত্যাৰ ভাবুকি

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ বিটিচিত কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ বিৰুদ্ধে গুণ্ডাৰাজ চলোৱাৰ অভিযোগ। কলকাতা বড়োলেণ্ড গেষ্ট হাউছৰ কৰ্মচাৰী অশোক শ্যাম(৩৭)ক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰা অভিযোগ উত্থাপন হৈছে কাৰ্যবাহী সদস্য গৰাকীৰ বিৰুদ্ধে।

Advertisment

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, কলকাতা বড়োলেণ্ড গেষ্ট হাউচত কিছুদিন পূৰ্বে অশোক শ্যামৰ সৈতে অৰূপ কুমাৰ দে'ৰ লগত থকা কৰ্মীৰ মতবিৰোধ হৈছিল। পৰৱৰ্তী সময়ত ৯ ছেপ্টেম্বৰৰ নিশা প্ৰায় ১০:৩০বজাত ফকিৰাগ্ৰামৰ সৰকাৰ মেডিকেলৰ ওচৰত মাৰ-পিটৰ ঘটনা সংঘটিত হয়।পূজা উপলক্ষে ভিৰ থকা ফলত যান-জঁটত আৱদ্ধ হৈ পৰিছিল বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ বাহনখন।

ইয়াতেই অগ্নিশৰ্মা হৈ অৰূপ কুমাৰ দে য়ে নিৰাপত্তাৰক্ষীক মটৰ চাইকেলত থকা অশোক শ্যামক হত্যাৰ নিৰ্দেশ দিছিল। ই এম গৰাকীৰ নিৰ্দেশত তেওঁৰে দুজন ব্যক্তিগত নিৰাপত্তাৰক্ষী আৰু আন তিনিজন যুৱকে আক্ৰমণ কৰিছিল অভিযোগকাৰী কলকাতা বড়োলেণ্ড হাউছৰ কৰ্মচাৰী অশোক শ্যামক।

ফলস্বৰূপে গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ'ব লগা হৈছিল অশোক শ্যাম। কিছুদিনমান পূৰ্বে কলকাতাৰ পৰা ছুটীলৈ ঘৰলৈ আহিছিল অশোক শ্যাম। ইতিমধ্যে ফকিৰাগ্ৰাম থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী গৰাকীয়ে।

তেওঁ এজাহাৰত উল্লেখ কৰা মতে, কাৰ্যবাহী সদস্যগৰাকীৰ নিৰ্দেশ লাভ কৰি নিৰাপত্তাৰক্ষী দুজন আৰু আন ৩জন যুৱকে অশোক শ্যামৰ ওপৰত জপিয়াই পৰিছিল।

অসম আৰক্ষীৰ জোৱান দুজন অৰ্থাৎ কাৰ্যবাহী সদস্য গৰাকীৰ পিএচঅ'ই বন্দুকৰ কুণ্ডাৰে আক্ৰমণ কৰিছিল নিৰীহ অশোক শ্যামক। আক্ৰমণত গুৰুতৰভাৱে আহত হয় ভক্তভোগী অশোক শ্যামক অৱশেষত স্থানীয় ৰাইজে উদ্ধাৰ কৰি কোকৰাঝাৰৰ এখন নাৰ্ছিংহোমত ভৰ্তি কৰে।

চিকিৎসাৰ অন্তত অশোক শ্যামে ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপে আৰু সংবাদ মাধ্যমৰ আগত ঘটনা সন্দৰ্ভত বিৱৰণ দিয়ে। বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ গুণ্ডামিত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত ফকিৰাগ্ৰাম থানাত এক গোচৰ(নং ৬০/২৪) ৰুজু হৈছে।

ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ৪৯/১৮৯(২)/ ১১৭(২)/১২৬(২)/৩২৪(৪) মৰ্মে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। যানজঁটৰ আচিলা লৈ অশোক শ্যামক হত্যাৰ চেষ্টা চলোৱাত সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অশোক শ্যামে অসমৰ মুখ্যমন্ত্ৰী আৰু বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ প্ৰতি ন্যায় প্ৰদানৰ বাবে আহ্বান জনাইছে।

Also Read: মই এৰিলো আছুঃ আহিল খবৰ...

arup kumar dey