ডিজিটেল ডেস্কঃ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। বিগত দিন কেইটাত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা উলাই অহা বন্যহস্তীৰ জাকে জনাঞ্চলত বিস্তৰ ক্ষতি সাধন কৰিছে। ইয়াৰ মাজতে হাতীৰ আক্ৰমণত নিহত হৈছে কেইবাজনো ব্যক্তি। আনহাতে আহতও হৈছে বহুজন।
শেহতীয়াকৈ ১৯ ডিচেম্বৰ, দেওবাৰে পুৱা প্ৰায় ৪ বজাত মাৰ্ঘেৰিটাত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ'ল এজন ব্যক্তিৰ। হাতীৰ আক্ৰমণত মৃত্যু হোৱা এই লোকজন ৰাধা গগৈ। মাৰ্ঘেৰিটাৰ মাকুমকিল্লাৰ ভিতৰপাৱৈ গাওঁপঞ্চায়তৰ ২ নং ৱাৰ্ডৰ পথাৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা।
পুৱা প্ৰায় ৪ বজাত হাবিৰ পৰা উলাই অহা হাতিৰ এটা জাকে ৰাধা গগৈ আৰু মাঝী নামৰ দুজন ব্যক্তিৰ বাসগৃহত প্ৰৱেশ কৰি বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে কেইবাটাওঁ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰে। ইয়াৰ মাজতে হাতীৰ আক্ৰমণত প্ৰায় যায় ৰাধা গগৈ নামৰ ব্যক্তিজনৰ। উল্লেখ্য যে অঞ্চলটোত হাতী মানুহৰ সংঘাত দীৰ্ঘদিনীয়া ৷