বনৰীয়া হাতীৰ আক্ৰমণত বিএছএফৰ হেড কনিষ্টবলৰ মৃত্যু

ভাৰত-বাংলাদেশ সীমান্তত বুধবাৰে ১৮১ নং বেটেলিয়ান বিএছএফৰ এগৰাকী হেড কনিষ্টবল বনৰীয়া হাতীৰ আক্ৰমণত নিহত হোৱা ঘটনা পোহৰলৈ আহিছে।

author-image
Asomiya Pratidin
New Update
 বনৰীয়া হাতীৰ আক্ৰমণত বিএছএফৰ হেড কনিষ্টবলৰ মৃত্যু

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ দক্ষিণ-পশ্চিম গাৰো পাহাৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত বুধবাৰে ১৮১ নং বেটেলিয়ান বিএছএফৰ এগৰাকী হেড কনিষ্টবল বনৰীয়া হাতীৰ আক্ৰমণত নিহত হোৱা ঘটনা পোহৰলৈ আহিছে।

Advertisment

প্ৰাপ্ত বাতৰি মতে, আজি দুপৰীয়া প্ৰায় ১২.৩০ বজাত জিলাখনৰ নিলওৱাগ্ৰী বিএছএফ কেম্পত কৰ্মৰত ১৮১ নং বেটেলিয়ান বিএছএফৰ হেড কনিষ্টবল বিজয় কুমাৰ পাৰ্শ্ববৰ্তী ডোমডোম্মা বিএছএফ কেম্পলৈ অফিচিয়েল কামৰ বাবে মটৰ চাইকেলেৰ গৈ আছিল । গৈ থকা অৱস্থাত ৰাশনাগ্ৰী নামৰ ঠাইখনত বনৰীয়া হাতীৰ আক্ৰমণৰ বলি হয়। গাৰো পাহাৰৰ পৰা নামি অহা হাতীৰ জাক সীমান্ত পথৰ ওপৰত আহি বিএছএফ হেড কনিষ্টবল জনক আক্ৰমণ কৰাত তেওঁ গুৰুতৰ ভাবে আহত হয়।

স্থানীয় লোক আৰু সীমান্তত টহলধাৰী জোৱানৰ তৎপৰাতত হাতীৰ জাকটো খেদি পঠোৱা হয় যদিও হেড কনিষ্টবল জন গুৰুতৰ ভাৱে অসুস্থ হয়। লগে লগে স্থানীয় শিববাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। বিএছএফ হেড কনিষ্টবল জনৰ মৰনোত্তৰ পৰীক্ষা সম্পন্ন কৰি বিভাগীয় নিয়ম পালন কৰি মৃতদেহটি ঘৰলৈ পঠোৱাৰ ব্যৱস্থা গ্ৰহন কৰা হৈছে।

লক্ষণীয় যে মাত্ৰ ১০ দিনৰ গাৰো পাহাৰত বিএছএফৰ হেড কনিষ্টবল সহ দুজন লোক বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু মুখত পৰাৰ লগতে আন দুজন আহত হৈছে। যোৱা ১ আগষ্টত পশ্চিম গাৰো জিলাৰ টিক্ৰিকিল্লা থানা এলেকাৰ অধীনস্থ কুৰুং গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত মিলেন্দ্ৰ মমিন নামৰ (৫৯) কৃষক জনে প্ৰাণ হেৰুৱাইছে। একেদৰে ৩১ জুলাই তাৰিখে দক্ষিণ গাৰো পাহাৰ জিলাৰ গাছুৱাপাৰাতো বনৰীয়া হাতীৰ আক্ৰমণত এটি ৪ বছৰীয়া শিশু সহ তেওঁৰ মাতৃ গুৰুতৰ ভাবে আহত হৈ চিকিৎসাধীন হ'বলগীয়া হৈছে বুলি জানিব পৰা গৈছে।

Also Read: হে নেতা, জনতাৰ কথা অলপ শুনা...