/asomiyapratidin/media/media_files/2024/11/29/daxGJjUhpU1AwAgQin9F.jpg)
ডিজিটেল সংবাদ হাজোঃ ঐতিহাসিক পোৱামক্কা দৰ্গাহ শ্বৰীফৰ নিৰ্বাচনক লৈ সাজু হৈছে হাজো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়। পোৱামক্কাৰ এজন খাদিম আৰু ১০ জন সদস্যৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন।
অহা ৭ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া এই নিৰ্বাচনৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। এই নিৰ্বাচনৰ বাবে মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ২৮ টা। তাৰোপৰি মুঠ ভোটাৰ হৈছে ৩২৭২০ গৰাকী।
নিৰ্বাচনক কেন্দ্ৰ কৰি এই ভোটাৰসকলৰ মাজত খাদিম পদৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়োৱা দুজনকৈ প্ৰাৰ্থী অলহাজ চৈয়দ আৰু ফৰিদ আলীয়ে ব্যাপক প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। তেওঁলোকে এই কেইদিন পাঁচ মাইল, দহ মাইল অঞ্চলৰ ভোটাৰসকলৰ মাজত প্ৰচাৰ অব্যাহত ৰাখিছে।
ইয়াৰে ফৰিদ আলী এগৰাকী প্ৰাক্তন বায়ু সেনা বিষয়া। তেওঁ ইতিমধ্যে বায়ু সেনাৰ জৰিয়তে দেশমাতৃক সেৱা কৰি অৱসৰ গ্ৰহণ কৰিছে। ভোটাৰৰ মাজত তেওঁ জনপ্ৰিয়তাও অৰ্জন কৰিছে।
আনহাতে ফৰিদ আলীয়ে পোৱামক্কা দৰগাহ শ্বৰীফক বিশ্বৰ পৰ্যটন ক্ষেত্ৰত বিশেষ স্থান দিয়াৰ প্ৰতিশ্ৰুতিৰে প্ৰচাৰত নমা পৰিলক্ষিত হৈছে। এই নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ নিকা আৰু স্বচ্ছ কৰি তুলিবলৈ হাজো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে যাৱতীয় কাম-কাজ অব্যাহত ৰাখিছে।
নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব ৯ ডিচেম্বৰত।
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us